ETV Bharat / bharat

দিল্লীৰ কিশোৰ অপহৰণ-হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান - কিশোৰ অপহৰণ

সুদীৰ্ঘ ১১ বছৰৰ অপেক্ষাৰ অন্তত এটি কিশোৰৰ অপহৰণ আৰু হত্যাৰ গোচৰৰ ৰায়দান দিব দিল্লী উচ্চ ন্যায়ালয়ে। দিল্লীৰ ৰোহিনী অঞ্চলত ধনৰ লালসাত ১২বছৰীয়া মনন মহাজন নামৰ এটি কিশোৰটিক অপহৰণ কৰিছিল প্ৰতিবেশী জীত নাগপালে। দাবী কৰা ধন নোপোৱাত হত্যা কৰে কিশোৰটিক। দিল্লী উচ্চ ন্যায়লয়ে এই গোচৰত দোষী সাব্যস্ত কৰা জীত নাগপালৰ শাস্তি সন্দৰ্ভত মঙলবাৰে ৰায়দান দিব।

দিল্লীৰ কিশোৰ অপহৰণ-হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

author img

By

Published : Oct 6, 2020, 12:39 PM IST

নেশ্যনেল ডেস্ক, ৬অক্টোবৰ: কিশোৰ অপহৰণ আৰু হত্যাৰে জড়িত দোষীৰ শাস্তি সন্দৰ্ভত আজি ৰায়দান দিব দিল্লী উচ্চ ন্যায়ালয়ে। ২০০৯ চনৰ ১৮ মাৰ্চত দিল্লীৰ ৰোহিনী অঞ্চলত মনন মহাজন নামৰ ১২বছৰীয়া এটি কিশোৰক অপহৰণ কৰি কিশোৰটিৰ পিতৃ ৰাজেশ মহাজনৰ পৰা কোটি টকা দাবী কৰিছিল জীত নাগপাল নামৰ অপহৰণকাৰীটোৱে। পিতৃয়ে দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত ডিঙি চেপি মনন মহাজনক নৃশংসভাৱে হত্যা কৰে জীত নাগপালে। হত্যাকাৰী জীত নাগপাল ৰাজেশ মহাজনৰ প্ৰতিবেশী আছিল।

যোৱা ৩০ ডিচেম্বৰত অভিযুক্ত জীত নাগপালক ৩৬৪(ক) (ধনৰ লালসাত অপহৰণ) ৩০২(হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে শাস্তি), ২০১ আৰু ৫০৬(অপৰাধসূচক ভাবুকিৰ বাবে শাস্তি) ধাৰাৰ অধীনত অতিৰিক্ত সত্ৰ ন্যায়ধীশ শিৱাজী আনন্দৰ বিচাৰপীঠে দোষী সাব্যস্ত কৰে। দোষী প্ৰমাণিত হোৱাৰ পিছত মঙলবাৰে হত্যাকাৰী জীত নাগপালৰ শাস্তিৰ ঘোষণা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, জীত নাগপালক দোষী সাব্যস্ত কৰি ন্যায়ালয়ে কয় যে, কিশোৰীটিক অপহৰণ কৰা, পিতৃ ৰাজেশ মহাজনক ধন দাবী কৰাৰ কথা প্ৰমাণিত হৈছে।

এই সকলো ঘটনাই জীত নাগপালে মনন মহাজনক হত্যা কৰাকে ইংগিত দিছে। জীত নাগপালে মননৰ পিতৃলৈ ধন দাবী কৰিবলৈ ব্যৱহাৰ কৰা এটা মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰিছিল। ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতিলিপিত উল্লেখ কৰা হৈছে যে, দাবী কৰা ধন নোপোৱাৰ বাবে কিশোৰটিক জীত নাগপালে হত্যা কৰাৰ সন্দেহ প্ৰকট হৈছে। কিয়নো দাবী কৰা ধন নিদিলে প্ৰতি ১৫ মিনিটৰ মূৰত এটা আঙুলি কাটি পেলোৱা হ'ব আৰু আঙুলি কাটি পেলোৱাৰ পিছতো মনন মহাজনো জীয়াই নাথাকিব বুলি ধমক দিছিল অপহৰণকাৰী জীত নাগপালে।

আনহাতে, হত্যাকাৰী জীত নাগপালে আদালতত স্বিকাৰোক্তি দিছে যে, মনন মহাজনক অপহৰণ কৰি পিতৃৰ পৰা ধন দাবী কৰিছিল আৰু দাবী কৰা ধন নোপোৱাত কিশোৰটিক হত্যা কৰি শুকান নলাত পেলাই দিছিল। লগতে সকলো প্ৰমাণ নষ্ট কৰি দিয়ে। আজি দিল্লী উচ্চ ন্যায়ালয়ে হত্যাকাৰী জীত নাগপালৰ শাস্তি সন্দৰ্ভত ৰায়দান দিব।

লগতে পঢ়ক: COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.