নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : অধিবক্তা পৱন প্ৰকাশ পাঠক আৰু আলোক সিঙে বিত্তীয় সহায়ৰ আহ্বান জনাই দেশৰ মুখ্য ন্যায়াধীশ, বাৰ কাউন্সিল, উচ্চতম ন্যায়ালয়ৰ বাৰ এচ'ছিয়েচন আৰু দিল্লী উচ্চ ন্যায়ালয় বাৰ এচ'ছিয়েচনলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ বাৰৰ সদস্যসকলে লকডাউনৰ সময়ছোৱাত আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ লগতে এই পৰিস্থিতিৰ সন্মুখীন হ'বৰ বাবে এক আপাতকালীন পুঁজিৰো ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৷
লগতে অধিবক্তাসকলে জনায় যে, ভাৰতৰ বাৰ কাউন্সিলে ৰাজ্যিক বাৰ কাউন্সিলৰ পৰাও তথ্য় সংগ্ৰহৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰিব পাৰে ৷
লকডাউনৰ ফলত অধিবক্তাসকলক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰা বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ ফলত তেওঁলোকৰ জীৱন নিৰ্বাহত সংকটে দেখা দিয়া বুলি কয় ৷ কিছুসংখ্য়ক অধিবক্তাই গোচৰৰ ওপৰত নিৰ্ভৰ কৰি আয় কৰে বুলিও জানিবলৈ দিয়ে অধিবক্তা দুজনে ৷
"পৰিস্থিতি দিনে দিনে গুৰুতৰ হৈ আহিছে আৰু আমাৰ হাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱে দেখা দিছে ৷ ভাড়াঘৰৰ টকা পৰিশোধ কৰিবৰ বাবে অৰ্থৰ অভাৱ হোৱাৰ লগতে খাদ্য আৰু মেডিকেল সেৱাৰ টকাও পৰিশোধ কৰিবলগা হৈছে ৷" তেওঁলোকে লগতে এই কথাও উল্লেখ কৰে যে, 'বিত্তীয় সহায়'ক তেওঁলোকে 'মৌলিক অধিকাৰ' বুলি ব্যক্ত কৰা নাই, কেৱল তেওঁলোকৰ দূৰ্দশাৰ বিষয়েহে জনাইছে ৷
তেওঁলোকে কয় যে, বহু বাৰ এচ'ছিয়েচনে বিত্তীয় সহায় আগবঢ়াইছে যদিও শৃংখলাবদ্ধ পদ্ধতিৰে হোৱা নাই ৷ সেয়েহে বহুসংখ্যক অধিবক্তাই এই সাহাৰ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷