ETV Bharat / bharat

কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে বিচাৰৰ দাবী

author img

By

Published : Nov 12, 2020, 1:14 PM IST

কৌতুক অভিনেতা কুনাল কামৰাই ৰিপাব্লিক টিভিৰ মুখ্য় সম্পাদক অৰ্ণৱ গোস্বামীয়ে জামিন লাভ কৰাৰ পিছতে টুইটাৰত একাধিক ব্যংগাত্মক পোষ্ট টুইট কৰিছিল ৷ কৌতুক অভিনেতাগৰাকীৰ এই শৃংখলা বুধবাৰে টুইটাৰত প্ৰকাশ কৰাৰ পিছতে সৃষ্টি হৈছে এক নতুন বিতৰ্ক ৷

কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে বিচাৰৰ দাবী
কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে বিচাৰৰ দাবী

নতুন দিল্লী,12 নৱেম্বৰ: ৰিজৱান ছিদ্দিকী নামৰ মুম্বাইৰ এগৰাকী অধিবক্তাই দেশৰ এটৰ্নী জেনেৰেল কে কে বেণুগোপাললৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ বুধবাৰে কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে এক অৱমাননাৰ বিচাৰ কৰিবলৈ অনুমতি বিচৰা হৈছিল এই পত্ৰৰ জৰিয়তে ৷ কুনাল কামৰাই বুধবাৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে জামিন লাভ কৰাৰ পিছতে টুইটাৰত একাধিক ব্যংগাত্মক পোষ্ট টুইট কৰিছিল৷ সেয়ে এই বিচাৰৰ ক্ষেত্ৰত সহযোগ বিচাৰি অধিবক্তা গৰাকীয়ে এটৰ্নী জেনেৰেল গৰাকীক পত্ৰখন প্ৰেৰণ কৰে ৷

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ডি ৱাই চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ বিশেষ বিচাৰপীঠে অৰ্ণৱ গোস্বামীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিছিল ৷ যিয়ে জামিন প্ৰত্যাখ্যান কৰা বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল ৷ দেৱালীৰ বন্ধৰ সময়তো ন্যায়ালয়ে সাংবাদিক গৰাকীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ মান্তি হৈছিল ৷ গোস্বামী এগৰাকী ইণ্টেৰিঅ’ৰ ডিজাইনাৰৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত আছিল ৷ বুধবাৰে এই গোচৰৰ শুনানি গ্ৰহণৰ পিছতে বোম্বে উচ্চ ন্যায়ালয়ে জামিন আবেদন মজুৰ নকৰাতো ভুল হোৱা বুলি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে ৷

  • DY Chandrachud is a flight attendant serving champagne to first class passengers after they’re fast tracked through, while commoners don’t know if they’ll ever be boarded or seated, let alone served.
    *Justice*

    — Kunal Kamra (@kunalkamra88) November 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কৌতুক অভিনেতাগৰাকীয়ে 4 টাকৈ টুইট কৰিছিল ৷ লগতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনক বিজেপিৰ ওচৰত শিৰনত কৰা বুলি কৈ গেৰুৱা ৰং সানি ফটো সহিতে টুইট কৰে কুনাল কামৰাই ৷ ন্যায়ালয়ে বুধবাৰৰ দিনটোত গোস্বামীৰ ক্ষমা আবেদনৰ শুনানি গ্ৰহণ কৰি অৱশেষত জামিন আবেদন মঞ্জুৰ কৰে ৷

লগতে চাওকঃ ডিচেম্বৰ মাহত প্ৰকাশ পাব চনু সুদৰ গ্ৰন্থ "I Am No Messiah"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.