ETV Bharat / bharat

ত্ৰিপুৰাত আজিৰে পৰা আৰম্ভ দুঃসাহসিক পৰ্যটন মহোৎসৱ - স্বামী বিবেকানন্দ

ত্ৰিপুৰাৰ পৰ্যটন ক্ষেত্ৰখনক বিশ্বজুৰি খ্যাত কৰাৰ বাবে চৰকাৰে আন্তৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট অনুষ্ঠিত কৰাৰ লগতে প্ৰথমবাৰলৈ এই দুঃসাহসিক পৰ্যটন মহোৎসৱখন অনুষ্ঠিত কৰিছে ।

adventure tourism festival start from today at tripura
ত্ৰিপুৰাত আজিৰে পৰা আৰম্ভ দুঃসাহসিক পৰ্যটন মহোৎসৱ
author img

By

Published : Jan 9, 2021, 6:09 PM IST

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী : ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত শনিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দুঃসাহসিক পৰ্যটন মহোৎসৱটো ৷ আগৰতলা চহৰৰ মাজমজিয়াস্থিত স্বামী বিবেকানন্দ ষ্টেডিয়ামত আজি এটা গৰম বায়ু বেলুন মুকলি কৰি মহোৎসৱখন আনুষ্ঠানিকভাবে মুকলি কৰে ত্ৰিপুৰা পৰ্যটন আৰু কৃষি মন্ত্ৰী প্ৰাণজিৎ সিংহা ৰায়ে ৷ মন্ত্ৰীগৰাকীয়ে মহোৎসৱখন মুকলি কৰি সকলো লোকক এই মহোৎসৱখন সফল কৰি তুলিবলৈ আহ্বান জনায় ৷

ত্ৰিপুৰাত আজিৰে পৰা আৰম্ভ দুঃসাহসিক পৰ্যটন মহোৎসৱ

ত্ৰিপুৰাৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা উদ্দেশ্যৰে ত্ৰিপুৰা চৰকাৰে তথা পৰ্যটন বিভাগে বিভিন্ন অভিলাসী আঁচনি হাতত লোৱাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ লগতে তেওঁ ত্ৰিপুৰাৰ পৰ্যটন ক্ষেত্ৰখনক বিশ্বজুৰি খ্যাত কৰাৰ বাবে চৰকাৰে আন্তৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট অনুষ্ঠিত কৰাৰ লগতে প্ৰথমবাৰলৈ এই দুঃসাহসিক পৰ্যটন মহোৎসৱখন অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে । পৰ্যটন মন্ত্ৰীগৰাকীৰয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে ৷ তেওঁ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানৰ লগতে ধৰ্মীয় ক্ষেত্ৰ আৰু বাগান অঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰিবলৈ চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : উত্তৰ-পূবত ইজৰাইলে নিযুক্ত কৰিলে প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰদূত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.