ETV Bharat / bharat

জ্যেষ্ঠসকলৰ ভুলৰ বাবেই এটা প্ৰজন্মৰ জীৱন কাঢ়িব পাৰে

জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত স্বাক্ষৰিত পেৰিছ চুক্তি অনুসৰি গোলকীয় উষ্ণতা ২ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস নকৰিলে পৰৱৰ্তী প্ৰজন্মই ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব । বৰ্তমানৰ নৱজাতক আৰু শিশুসকলৰ ওপৰত এই প্ৰভাৱৰ কথা কোৱা হৈছে । কাৰ্বন নিৰ্গতকৰণৰ বৰ্তমানৰ হাৰ অব্যাহত থাকিলে বৰ্তমানৰ শিশুসকলে তেওঁলোকৰ বয়স ৭১ বছৰ হোৱালৈকে গোলকীয় উষ্ণতা ৪ ডিগ্ৰী চেলছিয়ালৈ বৃদ্ধি হোৱা দেখা পাব পাৰে ।

author img

By

Published : Nov 22, 2019, 12:01 PM IST

POLLUTION

জ্যেষ্ঠ লোকসকলে কৰা ভুলৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব পৰৱৰ্তী প্ৰজন্মৰ শিশুসকলে । তেওঁলোকে অসহ্যকৰ উষ্ণতাৰ সন্মুখীন হ’বলগীয়া হ’ব যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পেলাব । শেহতীয়া এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি বিশ্বজুৰি হোৱা জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ দৰে দেশত বিশেষকৈ শিশুসকলক সমগ্ৰ প্ৰজন্মই ভয়াৱহতাৰ সন্মুখীন হ’ব লাগিব । জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ নকৰিলে খাদ্য সংকট, মহামাৰী, বান, গ্ৰীষ্ম প্ৰবাহ আদিৰ দৰে সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিব বুলিও এই অধ্যয়নত প্ৰকাশ পাইছে । স্বাস্থ্য আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত লেঞ্চেট কাউণ্টডাউনত এই তথ্য প্ৰকাশ পাইছে । এই বাৰ্ষিক অধ্যয়নত ৪১ টা বিভিন্ন দিশ সামৰা হয় । বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ববেংকৰ লগতে ৩৫ টা অনুষ্ঠানৰৰ পৰা ১২০গৰাকী বিশেষজ্ঞই এই অধ্যয়নত অংশগ্ৰহণ কৰিছিল । প্ৰসিদ্ধ বিজ্ঞান গৱেষণা পত্ৰিকা লেঞ্চেটত এই অধ্যয়ন প্ৰকাশ পাইছে ।

জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত স্বাক্ষৰিত পেৰিছ চুক্তি অনুসৰি গোলকীয় উষ্ণতা ২ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস নকৰিলে পৰৱৰ্তী প্ৰজন্মই ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব । বৰ্তমানৰ নৱজাতক আৰু শিশুসকলৰ ওপৰত এই প্ৰভাৱৰ কথা কোৱা হৈছে । কাৰ্বন নিৰ্গতকৰণৰ বৰ্তমানৰ হাৰ অব্যাহত থাকিলে বৰ্তমানৰ শিশুসকলে তেওঁলোকৰ বয়স ৭১ বছৰ হোৱালৈকে গোলকীয় উষ্ণতা ৪ ডিগ্ৰী চেলছিয়ালৈ বৃদ্ধি হোৱা দেখা পাব পাৰে । গোলকীয় উষ্ণতা বৃদ্ধি আৰু বৃষ্টিপাতৰ পৰিৱৰ্তনে ডেংগু-মেলেৰিয়াৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰিব । হাওঁফাওঁ হৃদৰোগ আৰু স্নায়ুৰ ৰোগৰ সংখ্যাও বৃদ্ধি কৰিব । বিগত তিনি বছৰত ডায়েৰিয়া সংক্ৰমণৰ সময়ৰ হাৰ দুগুণ বৃদ্ধি পাইছে ।

বৰ্তমানৰ নৱজাতকসকলে বান, মহামাৰী আৰু বনজুইৰ দৰে ঘটনাৰ সন্মুখীন হব লাগিব পাৰে । ২০০১ চনৰ পৰা ২০০৪ চনত ১৯৬ খন ৰাষ্ট্ৰৰ ভিতৰত ১৫২খন ৰাষ্ট্ৰত বনজুইৰ সন্মুখীন হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । বনজুয়ে জীৱন, সম্পত্তি, জীৱিক আঈৰু মাটি ধ্বংস কৰাৰ লগতে শ্বাস-প্ৰশ্বাসজনৱিত সমস্যাৰ সৃষ্টি কৰে । বৰ্তমানলৈকে ভাৰতত বনজুয়ে ২.১ কোটি লোকৰ প্ৰাণ কাঢ়িছে । জলবায়ু পৰিৱৰ্তনৰ ফলত জলসংখ্যাৰ ঘনত্ব বৃদ্ধিৰ লগতে দৰিদ্ৰতা, পুষ্টিহীনতা স্বাস্থ্যসেৱাত অসমতা আদি সমস্যা ভাৰতৰ দৰে দেশে প্ৰথম ভুগিব । লেঞ্চেটৰ সমীক্ষাৰ এগৰাকী বিশেষজ্ঞ পূৰ্ণিমা প্ৰভাকৰণৰ মতে ডায়েৰিয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ভাৰতত বৃদ্ধি পাবলৈ লৈছে । ২০১৫ চনত গ্ৰীস্ম প্ৰবাহে হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে যদিও এই ঘটনাৰ ভৱিষ্যতে সঘন পুনৰাবৃত্তি ঘটিব । গোলকীয় উষ্ণতাই আমাৰ শিশুসকলৰ জীৱন কাঢ়িব পাৰে । আমি যদি এতিয়াই সমাধানসূত্ৰ নুলিয়াওঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই ভুগিবলগীয়া সমস্যাসমূহৰ বাবে আমিয়েই দায়বদ্ধ হ’ম ।

Sir, 
Please find the translated copies of the two articles..

Regards
Rinkumani Pathak

On Thu, Nov 21, 2019 at 2:36 PM Mrinal Das <mrinal.das@etvbharat.com> wrote:
Dear Rinkumoni,
Please do the translation asap
Regards.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.