ETV Bharat / bharat

অসমলৈ বান সাহাৰ্য অসম জীয়ৰী দেৱলীনা ভট্টাচাৰ্যৰ

ৰাষ্ট্ৰীয় টেলিভিচন জগতৰ জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ গৃহভূমী অসমলৈ বান সাহাৰ্য । 73 হাজাৰ টকা মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ দান দিয়াৰ লগতে বানপীড়িত লোকক ব্যক্তিগত ভাৱেও আৰ্থিক সাহাৰ্য অভিনেত্ৰীগৰাকীৰ ।

Actress Devoleena Bhattacharjee donates for flood-affected in Assam

author img

By

Published : May 28, 2020, 10:04 AM IST

Updated : May 28, 2020, 11:42 AM IST

নিউজ ডেস্ক, 28 মে': কৰ'ণা আতংকৰ মাজতেই অসমৰ এতিয়া বহু কেইখন জিলা বানৰ কৱলত । এই জটিল পৰিস্থিতিৰ সন্ধিক্ষণত গৃহভূমিত বান সমস্য়াত জৰ্জৰিত লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় টেলিভিচন জগতৰ মোহময়ী অভিনেত্ৰী তথা অসম কন্যা দেৱলীনা ভট্টাচাৰ্য ।

অসম মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ 73 হাজাৰ টকা দান দিয়াৰ লগতে এই কঠিন সময়ত চৰকাৰক আৰু অধিক লোকক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় দেৱলীনা ভট্টাচাৰ্যই ।

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, "মোৰ মাতৃয়ে মোক কৈছিল মই যেনেকৈ তেওঁৰ চোৱা-চিতা কৰো তেনেকৈ মোৰ অসম, মোৰ ভাৰতকো মাতৃৰ দৰে যত্ন লোৱা উচিত । সেয়েহে প্ৰাকৃতিক দুৰ্যোগৰ ফলত সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ মই দুখৰ অংশীদাৰ হ'ব বিচাৰিছো । এতিয়াৰ বাবে মোৰ ফালৰ পৰা এইখিনি সহায় আগবঢ়াইছো । আশা কৰিছো এইখিনি সহায়ে তেওঁলোকক উপকৃত কৰিব ।"

বৰ্তমানলৈকে অসমত দেখা দিয়া বানৰ সংহাৰী ৰূপৰ ফলত 3 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 2,50,000 হাজাৰ লোক প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে । অসমৰ 350 তকৈ অধিক গাওঁ এতিয়া জলমগ্ন । আনহাতে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়ৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হৈছে ।

Last Updated : May 28, 2020, 11:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.