ETV Bharat / bharat

এচিড আক্ৰমণৰ বলি হ'ল উত্তৰ প্ৰদেশৰ দম্পত্তি

author img

By

Published : Jan 27, 2021, 12:43 PM IST

নিজ বাসগৃহত শুই থকা অৱস্থাতে এচিড আক্ৰমণৰ বলি হ'ল উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ দম্পত্তি ৷ শোৱাপাতিতে দুৰ্বত্তই এচিড নিক্ষেপ কৰে দম্পত্তিহালৰ ওপৰত ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

এচিড আক্ৰমণৰ বলি হ'ল উত্তৰ প্ৰদেশৰ দম্পত্তি
এচিড আক্ৰমণৰ বলি হ'ল উত্তৰ প্ৰদেশৰ দম্পত্তি

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী: উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলা সংঘটিত হৈছে ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা ৷ শোৱাপাতিতে এচিড আক্ৰমণৰ বলি হ'ল দম্পত্তি ৷ মঙলবাৰে নিশা নিজ বাসগৃহত শুই থকা অৱস্থাতে দুৰ্বত্তই এচিড নিক্ষেপ কৰে দম্পত্তিহালৰ ওপৰত ৷ তেওঁলোকৰ কনমানি পুত্ৰ সন্তানে মুমুৰ্ষ অৱস্থাত পৰি থকা দেখা পাই চিঞৰ বাখৰ লগোৱাত স্থানীয় লোক সকল উপস্থিত হৈ দুয়োকে চিকিৎসালয়লৈ লৈ যায় যদিও আন্ধাৰৰ সুযোগ লৈ এচিড নিক্ষেপকাৰী দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

উল্লেখ্য যে, দুয়ো স্বামী-স্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে প্ৰয়াগৰাজ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ কোনো লোকৰ লগত দম্পত্তিহালৰ কোনো শত্ৰুতা আছিল নেকি সেই দিশতো তদন্ত কৰিছে যদিও, কাৰো লগতে কোনো শত্ৰুতা নাই বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে ৷

ইফালে, জিলাখনৰ আৰক্ষী অধীক্ষ দীনেশ দ্বিভেদীয়ে জনাই যে, আৰক্ষীৰ তৰফৰ পৰা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে অধিক সোধ-পোচৰ বাবে পৰিয়ালৰ লোকৰ লগতে আন বন্ধু-বান্ধৱ সকলৰ লগতো সংযোগ স্থাপন কৰা হৈছে ৷

লগতে পঢ়ক: ছ'চিয়েল মিডিয়াত চিনাকী হোৱা নাবালিকাক ধৰ্ষণ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.