নেশ্যনেল ডেস্ক,30 ডিচেম্বৰ : দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ ৰাজধানী গুৱাহাটীত 'খেলো ইণ্ডিয়া'ৰ উদ্বোধনীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহাৰ তীব্ৰ বিৰোধিতা কৰে ৷
আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, ছাত্ৰ সন্থাই খেলো ইণ্ডিয়াৰ লগতে 5 জানুৱাৰীত অনুষ্ঠিত হ'বলগা টি-20 ক্ৰিকেট মেচৰ ওপৰতো দৃষ্টি ৰাখিছে ৷ মোডী অসমত উপস্থিত হ'লে গণবিক্ষোভ আৰম্ভ হ'ব বুলি মন্তব্য কৰে নাথে ৷
উল্লেখ্য যে, খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷ নাগৰিকত্ব সংশোধনী আইন (CAA) সংসদত গৃহীত হোৱাৰ পাচত এয়া প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰথমটো অসম ভ্ৰমণ হ'ব ৷
নাথে কয়, "প্ৰধানমন্ত্ৰী আহিলে গণ বিক্ষোভ আৰম্ভ হ'ব ৷" প্ৰধানমন্ত্ৰী অহাটো নিশ্চিত হ'লেহে এই বিক্ষোভৰ সবিশেষ জানিবলৈ দিব বুলি মন্তব্য কৰে নাথে ৷
আৰু পঢ়ক : সৰুসজাইত খেলো ইণ্ডিয়াৰ শিখা প্ৰজ্বলন