ETV Bharat / bharat

২০১৭ চনৰ লাপা অভিযানত প্ৰাণ আহুতি দিয়া মেজৰ ডেভিড মানলুনক শ্ৰদ্ধাঞ্জলী - Indian army

মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তৰ মন জিলাৰ অন্তৰ্গত এক উগ্ৰপন্থীৰ অভিযানত অংশ গ্ৰহণ কৰি মৃত্যুক সাৱটি লোৱা মেজৰ ডেভিড মানলুনক দেওবাৰে ভাৰতীয় সেনাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলী জনোৱা হয় । উগ্ৰপন্থীৰ গুলিত নিহত হৈছিল বিষয়াজন । সেনাৰ প্ৰাক্তন চুবেদাৰ এম খামজেলামৰ পুত্ৰ আছিল বিষয়াজন ।

A TRIBUTE TO A BRAVE SON MAJOR DAVID MANLUN

author img

By

Published : Jun 8, 2020, 1:22 AM IST

তেজপুৰ,৭ জুন : মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাৰ অন্তৰ্গত এক উগ্ৰপন্থীৰ অভিযানত অংশ গ্ৰহণ কৰি মৃত্যুক সাৱটি লোৱা মেজৰ ডেভিড মানলুনক দেওবাৰে ভাৰতীয় সেনাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলী জনোৱা হয় ।

উল্লেখযোগ্য যে, মেজৰ ডেভিড মানলুন ভাৰতীয় সেনাৰ এজন বীৰ যোদ্ধা আছিল । ২০১৭ চনৰ লাপা অভিযানত শ্বহীদ হৈছিল পৰাক্ৰমী বিষয়াজন ।

মেজৰ ডেভিড মানলুনৰ জন্ম হৈছিল ১৯৮৫ চনৰ ২৭ জুলাই তাৰিখে মণিপুৰৰ ইম্ফল চুৰাচান্দপুৰ জিলাত । সেনাৰ প্ৰাক্তন চুবেদাৰ এম খামজেলামৰ পুত্ৰ ডেভিডে আৰ্মি পাব্লিক স্কুলত পঢ়ি শ্বিলঙৰ চেণ্ট এণ্টনি কলেজৰ পৰা ২০০৬ ত আৰু ২০০৯ চনত চেন্নাইৰ অফিচাৰ ট্ৰেইনিং একাডেমীত যোগদান কৰিছিল ।

A TRIBUTE TO A BRAVE SON MAJOR DAVID MANLUN
২০১৭ চনৰ লাপা অভিযানত প্ৰাণ আহুতি দিয়া মেজৰ ডেভিড মানলুনক শ্ৰদ্ধাঞ্জলী

ইয়াৰ পিছতে বিষয়াজনে সামৰিক বাহিনীৰ দায়িত্বত নিজকে অৰ্পন কৰে । ২০১০ চনত নগা ৰেজিমেণ্টৰ প্ৰথম বেটেলিয়নত এগৰাকী সাহসী যোদ্ধা হিচাপে, আৰু নোগোম বেটেলিয়নত জম্মু-কাশ্মীৰত যোগ দি কেইবাটাও পৰাক্ৰমী অভিযানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল বিষয়াজনে । পৰৱৰ্তী সময়ত হিমাচল প্ৰদেশৰ বাখলত কৰ্তব্য সম্পন্ন কৰি নাগালেণ্ডলৈ সেনাৰ ১৬৪ ইনফেন্তৰী বাহিনীৰ বেটেলিয়নত যোগদান কৰিছিল । ইয়াৰ পিছত ২০১৬ চনত সেনাবাহীনিৰ চিফ অব আৰ্মী ষ্টাফৰ কোমমেণ্ডেশ্যন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল সাহসী যোদ্ধা গৰাকীয়ে ।

উল্লেখযোগ্য যে, ২০১৭ চনৰ ২৩ জুনত নেচনেল চিকিউৰটি গাৰ্ডত ডেপুটেচনৰ বাবে প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ কৰিবলগীয়া আছিল আৰু তাৰ আগমুহূৰ্তত এই যৌথ অভিযানত ভাগ লয় বিষয়াগৰাকীয়ে । উক্ত অভিযানতে বিষয়া গৰাকীয়ে সেনা বাহিনীৰ অভিযান কম্বাইণ্ড তিম অব পেৰা কামাণ্ডু আৰু ১৬৪ বেটিলিন টি এ ৰ পৰা আৰম্ভ হোৱা নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন (NNSCN K) এছ এছ খাপলাং গোট আৰু অসমৰ আলফা গোটৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। দুইটা গোটে সেই সময়ত নাগালেণ্ড ৰ মন জিলাত অৱস্থান কৰি আছিল । উক্ত অভিযানৰ ঠাই আছিল নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা 325 কি মি , আৰু 25 কিলোমিটাৰ আঁতৰৰ ম্যানমাৰ সীমান্ত । মেজৰ ডেভিদে সমগ্ৰ টীম নেতৃত্বত দিছিল । উক্ত অভিযানতে প্ৰতিপক্ষৰ লগত হোৱা গুলীয়াগুলিত মেজৰ ডেভিড মানলুন আঘাট প্ৰাপ্ত হয় আৰু মৃত্যুক সাৱটি লয় ।

উল্লেখযোগ্য যে, বিৰোধীৰ অত্যাধুনিক অস্ত্ৰ আৰু গ্ৰেণেডৰ প্ৰত্যুত্তৰ দি উক্ত অভিযানৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ, বোমা, আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বিষয়াগৰাকীয়ে ।

ইয়াৰ পিছতে মেজৰ ডেভিড মুনলুনক দেশৰ দ্বিতীয় শ্ৰেষ্ঠ মৰণোত্তৰ সন্মান "কৃতি চক্ৰ", প্ৰদান কৰা হয় ।

লগতে পঢ়ক : মানকাচৰত আৰক্ষীৰ জালত বাংলাদেশী সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.