নিউজ ডেস্ক, 3 এপ্ৰিলঃ কোনো চলচিত্ৰৰ আৱেগিক কাহিনীৰ দৰেই এক সত্য ঘটনা । নিজ মাতৃৰ অন্ত্যষ্টিক্ৰিয়াত যাব নোৱাৰিলে আৰক্ষীৰ বিষয়া এজন। এনে এক ঘটনা হ'ল অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত ।
ছান্তাৰাম নামৰ এগৰাকী উপ আৰক্ষী পৰিদৰ্শক কৰ্তব্যত নিয়োজিত আছিল বিজয়ৱাড়াত । তিনিদিন পূৰ্বে তেওঁৰ মাতৃ বিয়োগ হ'ল । সেয়ে তেওঁৰ ছুটীও মঞ্জুৰ কৰিলে উৰ্ধতম কৰ্তৃপক্ষই । কিন্তু দেশত লক ডাউন চলি থকা বাবেই এই সিদ্ধান্ত ল'লে আৰক্ষীৰ উপ-পৰিদৰ্শক গৰাকীয়ে ।
মাতৃৰ শেষকৃত্য ভাতৃক সম্পন্ন কৰিবলৈ কয় আৰু ভিডিঅ' কলৰ জৰিয়েতেই নিজ মাতৃক অন্তিম বিদায় জনাই ছান্তাৰামে । তেওঁ কয় যে, মাতৃৰ শেষকৃত্যলৈ যাবলৈ হলে তেওঁক দুদিন লাগিব । বিজিয়ানাগ্ৰামত থকা নিজ গৃহলৈ যাবলৈ হলে তেওঁ চাৰিখন জিলা আৰু 40 টা চেক পষ্ট পাৰ হ'ব লাগিব । এই সময়ত তেওঁ বহু লোকৰ সংস্পৰ্শলৈ আহিব । সেয়েহে কৰ'ণা ভাইৰাচ সংক্ৰমনৰ সুযোগ থাকিব আৰু তেওঁ 15 দিনলৈ কোৱাৰাণ্টাৰেন হৈ থাকিব লাগিব । সেয়েহে তেওঁ মাতৃৰ অন্ত্যেস্তিক্ৰিয়ালৈ যাব নোৱাৰিলে বুলি জনায় ।
মাতৃৰ শেষকৃত্যৰ ভিডিঅ' চাই থকা মুহূৰ্ত ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত । তাৰ পিচতেই আৰক্ষী জন নিজ কৰ্তব্যত নিয়োজিত হৈ পৰে । আৰক্ষী জনৰ এই সাহসী পদক্ষেপক প্ৰশংসা কৰিছে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান পালাৰাজুয়েও ।