ETV Bharat / bharat

জনা-নজনা: মূৰ কটা গ'লেও প্ৰাণ নোযোৱা জীৱবিধ

author img

By

Published : Sep 27, 2020, 3:11 PM IST

মূৰ কটা গ'লেও প্ৰাণ নোযোৱা এবিধ জীৱ ৷ প্ৰায় সকলো লোকৰ ঘৰতে কম-বেছি পৰিমাণে সেই জীৱবিধৰ পয়োভৰ দেখিবলৈ পোৱা যায় ৷ কি সেইবিধ জীৱ ? ক'ত থাকে সেইবিধ জীৱ ?

জনা-নজনা
জনা-নজনা

নিউজ ডেস্ক, 27 ছেপ্তেম্বৰ: শৰীৰৰ পৰা মূৰ যদি বিচ্ছিন্ন হয় তেন্তে সকলোৰে মৃত্যু অনিবাৰ্য ৷ সেইয়া এক স্বাভাৱিক ঘটনা ৷ কিন্তু পৃথিৱীত এনে জীৱও আছে যাৰ শৰীৰৰ পৰা মূৰ বিচ্ছিন্ন হ'লেও নহয় মৃত্যু ৷ বিশ্বাস কৰেনে এই কথা ?

পইতাচোৰা ৷ প্ৰায় সকলো লোকৰ ঘৰতে পইতাচোৰাৰ পয়োভৰ কম-বেছি পৰিমাণে দেখিবলৈ পোৱা যায় ৷ বাচন-বৰ্তনেই হওক বা আপোনাৰ প্ৰিয় কিতাপখনেই হওক, এই সকলোবোৰেই যেন পইতাচোৰাৰ প্ৰিয় স্থান ৷ পৰমাণু বিকিৰণেও তলাব নোৱাৰে সিহঁতক ৷

উল্লেখ্য যে, মূৰ কটা যোৱাৰ পাচতো বহুদিন জীয়াই থাকিব পাৰে পইতাচোৰা ৷ এনেকুৱাও কেতিয়াবা হয় নেকি ? মূৰ কটা যোৱা মানেতো যিকোনো প্ৰাণীৰ মৃত্যু অনিবাৰ্য ৷ কিন্তু পইতাচোৰাৰ ক্ষেত্ৰত ই অনিবাৰ্য নহয় ৷ অবিশ্বাস্য হ'লেও এয়াই সত্য ৷ মূৰ কটা যোৱাৰ পাচতো কেইবা সপ্তাহলৈ জীয়াই থাকিব পাৰে পইতাচোৰা ৷

ইয়াৰ আঁৰত আছে অদ্ভূত কাৰণ ৷ সিহঁতৰ শাৰীৰিক গঠন ৷ সৰহভাগ জীৱৰ ক্ষেত্ৰত শ্বাস-প্ৰশ্বাসৰ পৰা আৰম্ভ কৰি খাদ্য গ্ৰহণলৈ সকলো জড়িত হৈ থাকে মূৰৰ লগত ৷ কিন্তু পইতাচোৰাৰ এনে নহয় ৷ পইতাচোৰাৰ শ্বাস-প্ৰশ্বাসৰ পৰা আৰম্ভ কৰি খাদ্য গ্ৰহণলৈ কোনো এবিধেই সিহঁতৰ মূৰৰ লগত জড়িত হৈ নাথাকে ৷ তাৰোপৰি পইতাচোৰাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াও বেলেগ ৷ আমাৰ ৰক্ত সঞ্চালন কোষবোৰৰ লগত যেনেকৈ মূৰৰ সিৰাবোৰ যোগ হৈ থাকে, পইতাচোৰাৰ ক্ষেত্ৰত নাই ৷ সেয়ে ডিঙি কটা গ'লেও সিহঁতৰ ৰক্তক্ষৰণ অতি শীঘ্ৰেই গোট মাৰে ৷

এনেদৰেই প্ৰায় এসপ্তাহৰো অধিক দিনলৈ মুণ্ডহীনভাৱে জীয়াই থাকিব পাৰে পইতাচোৰা ৷ অৱশ্যে এনে সময়ত বাছি থাকিলেও খুব বেছি উৰি ফুৰিব নোৱাৰে সিহঁতে ৷ এবাৰ মূৰ কটা গ'লে বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছৰ আক্ৰমণত পৰে পইতাচোৰাৰ শৰীৰ ৷ তাৰ পাচতে লাহে লাহে প্ৰাণ শেষ হৈ যায় সিহঁতৰ ৷

লগতে পঢ়ক: জনা-নজনা: অবাধে ক্ষমা বিচৰাৰ আইন বলৱৎ এই দেশত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.