ETV Bharat / bharat

98 বছৰীয়া প্ৰাক্তন সৈনিকে পৰাস্ত কৰিলে কোভিড-19 - প্ৰাক্তন সৈনিকে পৰাস্ত কৰিলে কোভিড-19

ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন সৈনিক চিপাহী ৰামু লক্ষ্মন সকপালে নৌ-সেনাৰ চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি হৈছিল ৷ কোভিড-19ত আক্ৰান্ত হোৱা প্ৰাক্তন চিপাহীগৰাকীয়ে 1918ৰ স্পেনিছ ফ্লুৰ পৰা আৰম্ভ কৰি 2020ৰ কোভিড-19 মহামাৰীলৈকে নিজৰ অভিজ্ঞতা অৰ্জন কৰে আৰু মহামাৰীৰ বিৰুদ্ধে নিজৰ শক্তিশালী স্থিতি প্ৰদৰ্শন কৰে ৷

98 বছৰীয়া প্ৰাক্তন সৈনিকে পৰাস্ত কৰিলে কোভিড-19
ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন সৈনিক চিপাহী ৰামু লক্ষ্মন সকপাল
author img

By

Published : Aug 16, 2020, 3:42 PM IST

নিউজ ডেস্ক, 16 আগষ্ট : কোভিড-19ত আক্ৰান্ত হোৱা ভাৰতীয় স্থলসেনাৰ 98 বৰ্ষীয় এগৰাকী প্ৰাক্তন সৈনিকে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ 1918ৰ স্পেনিছ ফ্লুৰ পৰা 2020ৰ কোভিড-19 মহামাৰীলৈকে এইগৰাকী প্ৰাক্তন সৈনিকে নিজৰ অভিজ্ঞতা লাভ কৰে ৷ মুম্বাইৰ নৌ-সেনা চিকিৎসালয়ত কিছুসপ্তাহ পূৰ্বে সংকটজনক অৱস্থাত ভৰ্তি হৈছিল প্ৰাক্তন চিপাহী ৰামু লক্ষ্মন সকপাল

মুম্বাইৰ নেৰুলৰ বাসিন্দা চিপাহী সকপালে ভাৰতীয় স্থলসেনাৰ মহৰ ৰেজিমেন্টত নিজৰ সেৱা আগবঢ়াইছিল ৷ কোভিড-19ৰ লগতে নিমোনিয়াত আক্ৰান্ত হৈ নৌ-সেনাৰ ইণ্ডিয়ান নাভেল হাস্পতাল শ্বীপ অশ্বিনীত ভৰ্তি হৈছিল চিপাহী সকপাল ৷

নৌ-সেনাৰ চিকিৎসকৰ চেষ্টাত ভাৰতে 74 সংখ্যক স্বাধীনতা দিৱস পালন কৰি থকাৰ সময়তে কোভিড-19ৰ পৰা স্বাধীন হয় প্ৰাক্তন চিপাহী 98 বৰ্ষীয় সকপাল ৷ কোভিড-19ক পৰাস্ত কৰা চিপাহী সকপালক INHS Asviniৰ পৰা উষ্ম বিদায় জনোৱা হয় ৷ এই INHS Asviniএ আৰম্ভনিৰে পৰা ভাৰতীয় স্থলসেনা, নৌ-সেনা, বায়ুসেনা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত কোভিড-19 আক্ৰান্ত বিষয়া-জোৱানক চিকিৎসা কৰি আহিছে ৷

ভাৰতত বৰ্তমানলৈ 25.89 লাখ কোভিড-19 সংক্ৰমণ ধৰা পৰিছে আৰু 49,000ৰ মৃত্যু হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলৰ পিচতেই ভাৰতে কোবিড-19ৰ দ্বাৰা সংক্ৰমিত হোৱা সৰ্বাধিক ৰোগীৰ তালিকাত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে ৷ বৰ্তমানলৈ ভাৰতত 18 লাখ ৰোগীয়ে কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ সমগ্ৰ বিশ্বতে 2.14 কোটি লোক এই মহামাৰীৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু 1.34 কোটিয়ে ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ স্বাস্থ্যৰ কিছু উন্নতি হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.