নিউজ ডেস্ক, ৮ জুনঃ চলিত বৰ্ষৰ জুন মাহলৈকে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে ৯৩ জনকৈ সন্ত্ৰাসবাদী। এইসকলৰ ভিতৰত আছে সন্ত্ৰাসবাদীৰ সংগঠনৰ শীৰ্ষ সন্ত্ৰাসবাদীও ৷ ৮ জুনৰ পুৱাৰভাগলৈকে ৯৩ গৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে বিগত দুদিনত মৃত্যু হৈছে ৯ জনকৈ সন্ত্ৰাসবাদীৰ। সেনাৰ সূত্ৰই প্ৰকাশ কৰে এই কথা ।
উল্লেখ্য যে,জম্মু কাশ্মীৰৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত বিগত কেইবাদিন ধৰি নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান। এই অভিযানৰ সময়ত শীৰ্ষ সন্ত্ৰাসবাদী ৰিয়াজ নাইকো আৰু জুনাইড চেহৰাইৰ লগতে জইচ-ই-মহম্মদ,লস্কৰ-ই-তৈবা,পাকিস্তানৰ দ্যা ৰেচিচটেঞ্চ ফ্ৰণ্ট সন্ত্ৰাসবাদী গোটৰ বহুকেইগৰাকী আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে ।
আনহাতে,সীমান্তত অব্যাহত থকা এই সন্ত্ৰাসবাদী বিৰোধী অভিযানত ভাৰতীয় সেনায়ো যথেষ্ট ক্ষতিৰ সম্মুখীন হৈছে। বিগত মাহত ৰাজ্যখনৰ কেৰাণ চেক্তৰত ৫ জন পাৰা সুৰক্ষা বাহিনীৰ জোৱানৰ মৃত্যু হৈছে।
একেদৰে,মে' মাহত জম্মু কাশ্মীৰৰ হান্দৱাৰা অঞ্চলত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন জ্যেষ্ঠ বিষয়াসহ ৩ জন সেনা জোৱানৰ মৃত্যু হৈছিল । কিন্তু বিগত কেইবাদিন ধৰি ৰাজ্যখনত চলি থকা সন্ত্ৰাসবাদী বিৰোধী অভিযানত কোনো নিৰাপত্তাৰক্ষী হতাহত নোহোৱা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰে।
লগতে চাওকঃ ছেৱা নৈত পৰি এজনৰ সলিল সমাধি