ETV Bharat / bharat

উত্তৰ প্ৰদেশত আটক তৱলিঘী জমাতত অংশ গ্ৰহণ কৰা ৮ গৰাকী বিদেশী নাগৰিক; জব্দ পাচপৰ্ট

author img

By

Published : Apr 2, 2020, 8:35 PM IST

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত আটক কৰা হয় ৮ জন বিদেশীক । দিল্লীৰ তৱলিঘী জমাতত অংশ গ্ৰহণ বিদেশীকেইজনক আটক কৰি আৰক্ষীয়ে হাস্পতালত ভৰ্তি কৰোৱাৰ উপৰিও জব্দ কৰে পাচপৰ্ট ।

COVID-19
উত্তৰ প্ৰদেশত আটক ৮ বিদেশী , জব্দ পাচপোৰ্ট

নিউজ ডেস্ক, ২ এপ্ৰিলঃ বৃহস্পতিবাৰে দিল্লীৰ তৱলিঘী জমাতত অংশ গ্ৰহণ কৰা ৮ জন বিদেশী নাগৰিকক উত্তৰ প্ৰদেশত আটক কৰি হাস্পতালত ভৰ্তি কৰায় আৰক্ষীয়ে । ইৰাণ, আফগানিস্তান আৰু ব্ৰিটেইনৰ পৰা আহিছিল বিদেশী নাগৰিক কেইজন । হাস্পতালত ভৰ্তি কৰি বিদেশীকেইগৰাকীৰ পাচপৰ্ট জব্দ কৰে আৰক্ষীয়ে ।

আৰক্ষীৰ খবৰ অনুসৰি, আটক কৰা বিদেশী কেইজন উত্তৰ প্ৰদেশৰ স্থানীয় মছজিদত বাহৰ পাতি আছিল । তাৰ পৰাই বিদেশী কেইজনে চহৰখনত ঘূৰি থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

আনহাতে, আটকাধীন ৮ বিদেশীক ভাৰতীয় দণ্ডবিধি আইনৰ Foreigners Act ৰ অধীনত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে ।

আটক কৰা বিদেশী কেইজন ক্ৰমে, ইব্ৰাহিম ফৌলাদী, অব্দুল ৰহীম, য়ুনুছ,মহমুদ শ্বাহ হুছেনী, শ্বব্বীৰ অব্দুল ৰহীম, জৰীন মোহম্মদ, ৰহমতুল্লা আৰু ডাউদ অয়ুৱ ইছমাইল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.