নিউজ ডেস্ক , 10 জুন : ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাৰ ডনুৱা ঘাতি এলেকাত আজি পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ৰান্সীৰ পৰা পাটনা অভিমুখে আহি থকা এখন যাত্ৰী বাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ যলত এটি শিশু সহ 8 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 26 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
জানিব পৰা মতে ডনুৱা ঘাতিত যাত্ৰী বাহী বাছ খনে পাছফালৰ পৰা এখন ট্ৰাকক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ পৰৱৰ্তী সময়ত প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আহত লোক সকলক 'চৌপাৰণ চিএচচিত' প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰে ৷ যদিও চিকিৎসকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক সকলক উন্নত চিকিৎসাৰ বাবে হাজাৰিবাগলৈ প্ৰেৰণ কৰে ৷