ETV Bharat / bharat

ইংলেণ্ডৰ পৰা পাটনালৈ অহা 71 জন লোক সন্ধাহীন - ইংলেণ্ডৰ পৰা অহা লোক সন্ধাহীন

দ্ৰুত হাৰত নতুন লক্ষনৰ ক'ৰণাই ত্ৰাস চলোৱাৰ সময়তে বিহাৰৰ পাটনাত সন্ধানহীন হৈছে ইংলেণ্ডৰ পৰা অহা বহু কেইজন লোক ৷ 23 নৱেম্বৰৰ পৰা 21 ডিচেম্বৰৰ ভিতৰত পাটনালৈ অহা 96 জন লোকৰ 71 জন লোক সন্ধাহীন হৈ আছে ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷

71 people missing who return from england to patna during new coronavirus strain
ইংলেণ্ডৰ পৰা পাটনালৈ অহা 71 জন লোক সন্ধাহীন
author img

By

Published : Dec 31, 2020, 1:56 PM IST

নেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ: দেশত পুনৰ নতুন লক্ষনৰ ক'ৰণাই চলাইছে ত্ৰাস ৷ শেহতীয়া ভাৱে দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ৰণাৰ সংহাৰ ৷ তাৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে ২৩ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ ব্ৰিটেইনৰ পৰা অহা সকলো বিমানৰ চলাচল নিষিদ্ধ কৰিছিল । আমেৰিকাত প্ৰথম বাৰৰ বাবে নতুন লক্ষণৰ ক'ৰণা ৰোগী চিনাক্ত হোৱাৰ পাচতে আমেৰিকাৰ পৰা অহা লোক সকলক RT আৰু PCR পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছিল ৷ কিয়নো নতুন লক্ষণৰ এই ক'ৰণা ভাইৰাচ পূৰ্বতকৈ 70 শতাংশ বেছি শক্তিশালী ৷

লগতে পঢ়ক: উধমপুৰ-বাৰামুলা ৰে’ল সংযোগী প্ৰকল্পৰ বাবে 2022 বৰ্ষৰ 15 আগষ্ট সময়সীমা নিৰ্ধাৰণ

কিন্তু কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰাৰ পাচতো পাটনাত সন্ধানহীন হৈছে ইংলেণ্ডৰ পৰা অহা বহু কেইজন লোক ৷ ইংলেণ্ডৰ পৰা পাটনালৈ অহা 96 জন লোকৰ ভিতৰত 71 জন লোক সন্ধাহীন হৈ আছে ৷ স্বাস্থ্য বিভাগৰ এটা দলে লোক কেইজনৰ সন্ধান উলিয়াব চেষ্টা কৰি আছে যদিও কোনো শুংসূত্ৰ পোৱা নাই ৷ স্বাস্থ্য বিভাগে জনোৱা মতে, বুধবাৰে 25 জনৰ লোকৰ পৰীক্ষা কৰাত 23 জনৰ দেহতে নতুন লক্ষণৰ ক'ৰণাৰ উপস্থিতি ধৰা পৰিছে ৷ তাৰ পাচতে অধিক সংকিত হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগ ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বিষয়ত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বৈঠক

পাটনাৰ চিভিল চাৰ্জন বিভা কুমাৰী সিঙে কয় যে, 23 নৱেম্বৰৰ পৰা 21 ডিচেম্বৰৰ ভিতৰত পাটনালৈ অহা 96 জন লোকৰ তালিকা আমাৰ হাতত আছে যদিও তেওঁলোকৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই ৷ বহু লোকৰ ফোন এতিয়াও বন্ধ হৈ আছে ৷ ঘৰৰ ঠিকনাত বিচাৰি গৈছো যদিও কোনো সম্ভেদ পোৱা নাই ৷ চিভিল চাৰ্জন গৰাকীয়ে লগতে কয় যে, নতুন লক্ষনৰ ক'ৰণা ভাইৰাচ দ্ৰুততাৰে মানুহক সংক্ৰমিত কৰে, পূৰ্বৰ লক্ষণতকৈ অতি ভয়াৱহ এই নতুন ক'ৰণা ভাইৰাচ ৷ ই মানুহৰ শৰীৰৰ কোষবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.