ETV Bharat / bharat

দিল্লীত ৭০ শতাংশলৈ বৃদ্ধি কোভিড ১৯ ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ

author img

By

Published : Jul 5, 2020, 6:31 PM IST

বিগত ২৪ ঘণ্টাত দিল্লীত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ তুলনাত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা অধিক। এই যুঁজত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত দিল্লীবাসীৰ অৱদান উল্লেখনীয় বুলিও উল্লেখ কৰে আম আদমী দলৰ নেতা সৌৰভ ভৰদ্বাজে।

70 pc COVID-19 recovery rate in Delhi: AAP leader

নিউজ ডেস্ক, ৫ জুলাইঃ ৰাজধানী দিল্লীত পূৰ্বৰ তুলনাত ১০.৫৮ শতাংশ হ্ৰাস পাইছে কোভিড-১৯ পজিটিভ লোকৰ সংখ্যা । ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ । দিল্লী চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি চহৰখনত কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৭০ শতাংশলৈ বৃদ্ধি পাইছে । লগতে, বৰ্তমান ৬৪ শতাংশ বিছনা কোভিড-ৰোগীৰ বাবে খালী আছে বুলি খালি আছে বুলি জানিব পৰা গৈছে।

"ৰোগীসকলৰ আত্মবিশ্বাস, কৰ'ণা ভাইৰাছ পৰীক্ষা ব্যৱস্থা বৃদ্ধি, হ'ম আইছলেশ্বন, হাস্পতালত আইছলেশ্বনৰ সুবিধা বৃদ্ধি, হাস্পতালসমূহৰ পৰিদৰ্শন আৰু হাস্পতালসমূহত কোভিড-১৯ ৰোগীৰ বাবে বিচনাৰ সুবিধা বৃদ্ধি" - এই ৰণনীতিৰ দ্বাৰাই দিল্লীত কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি থকা হৈছে বুলি আম আদমী দলৰ নেতা সৌৰভ ভৰদ্বাজে প্ৰকাশ কৰে । নেতাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজধানী চহৰখনত প্ৰতিদিনে প্ৰায় ২৩,০০০ হাজাৰ লোকৰ কোভিড-১৯ পৰীক্ষা কৰা হয় ।

বিগত ২৪ ঘণ্টাত দিল্লীত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ তুলনাত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা অধিক। এই যুঁজত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত দিল্লীবাসীৰ অৱদান উল্লেখনীয় বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে । যদি লোকসকলে সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্ৰত অৱহেলা কৰে তেন্তে পুনৰ এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাব বুলি প্ৰকাশ কৰে সৌৰভ ভৰদ্বাজে ।

বিগত সপ্তাহত দিল্লীত প্ৰতিদিনে প্ৰায় ২৩০০ গৰাকী লোকৰ দেহত কোভিড-১৯ৰ অৱস্থিতি লাভ কৰা গৈছিল যদিও, বহুসংখ্যক লোকে এই ভাইৰাছৰ কৱলৰ পৰা উপশম লাভ কৰা বুলি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে উল্লেখ কৰিছিল । সম্প্ৰতি চহৰখনত মুঠ ৯,৯০০ খন বিচনা খালি আছে বুলি জানিব পৰা গৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.