নিউজ ডেস্ক, 3 আগষ্টঃ ছত্তিশগড়ৰ ৰাজনান্দগাঁৱৰ নিকটৱৰ্তী সীতাগোতা জংঘলত শনিবাৰে ৰাতিপুৱাৰ ভাগত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত লিপ্ত হয় মাওবাদীৰ দল ৷ বাঘনদী আৰক্ষী চকীৰ অন্তৰ্গত সীতাগোতা জংঘলত হোৱা সংঘৰ্ষত নিহত হয় সাতগৰাকীকৈ মাওবাদী ৷ ৰাজ্যখনৰ ডিষ্ট্ৰিক ৰিজাৰ্ভ গাৰ্ডৰ সৈতে মাওবাদীৰ দলটোৰ মুখামুখি সংঘৰ্ষ হয় ৷ সংঘৰ্ষস্থলীৰ পৰা এটা AK 47 ৰাইফলৰ লগতে বৃহৎ পৰিমানে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় ৷ ইতিমধ্যে অভিযানকাৰী দলটোৱে মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
ছত্তিশগড়ত সংঘৰ্ষত নিহত 7 মাওবাদী - অস্ত্ৰ-শস্ত্ৰ
ৰাজ্যখনৰ সীতাগোতা জংঘলত জিলা সংৰক্ষিত বাহিনীৰে হোৱা সংঘৰ্ষত নিহত হয় সাতগৰাকী মাওবাদী ৷ শনিবাৰে ৰাতিপুৱাৰ ভাগত ৰাজনান্দগাঁওত সংঘটিত হয় এই ঘটনা ৷
নিউজ ডেস্ক, 3 আগষ্টঃ ছত্তিশগড়ৰ ৰাজনান্দগাঁৱৰ নিকটৱৰ্তী সীতাগোতা জংঘলত শনিবাৰে ৰাতিপুৱাৰ ভাগত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত লিপ্ত হয় মাওবাদীৰ দল ৷ বাঘনদী আৰক্ষী চকীৰ অন্তৰ্গত সীতাগোতা জংঘলত হোৱা সংঘৰ্ষত নিহত হয় সাতগৰাকীকৈ মাওবাদী ৷ ৰাজ্যখনৰ ডিষ্ট্ৰিক ৰিজাৰ্ভ গাৰ্ডৰ সৈতে মাওবাদীৰ দলটোৰ মুখামুখি সংঘৰ্ষ হয় ৷ সংঘৰ্ষস্থলীৰ পৰা এটা AK 47 ৰাইফলৰ লগতে বৃহৎ পৰিমানে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় ৷ ইতিমধ্যে অভিযানকাৰী দলটোৱে মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
C-17 বিমানৰে অমৰনাথ যাত্ৰী এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ
নিউজ ডেস্ক, 3 জুলাই: ভাৰতীয় বায়ু সেনাক C-17 বিমানৰে অমৰনাথ যাত্ৰী এয়াৰলিফ্ট কৰাৰ অনুৰুধ জম্মু কাশ্মীৰ চৰকাৰৰ ৷ অমৰনাথ যাত্ৰী সমূহক কাশ্মীৰৰ পৰা এয়াৰলিফ্ট কৰি জম্মু, পাঠানকোট বা দিল্লীলৈ লৈ যোৱা অনুৰুধ চৰকাৰৰ যৰ পৰা তেঁওলোক নিজৰ ঘৰ অভিমুখে যাবলৈ সুবিধা হ’ব ৷ ইতিমধ্যে C-17 বিমানসমূহ অৰ্ধসামৰিক বাহিনীসমূহক দেশৰ বিভীন্ন প্ৰান্তৰ পৰা কাশ্মীৰলৈ নিয়াত নিয়োজিত হৈ আছে ৷ এখন C-17 Globemaster বিমানে এবাৰত 230 গৰাকী লোক কঢ়িয়াব পাৰে ৷ জম্মু চৰকাৰে এক অধিসূচনা জড়িয়তে অমৰনাথ যাত্ৰীসমূহক যিমান পাৰে সোনকালে নিজৰ ঘৰলৈ ওভতি যাবলৈ পৰামৰ্শ আগবঢ়াইছে ৷
চিনাৰ কৰ্পচৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল কে জে এচ ধিল্লনে শুকুৰবাৰে এক সংবাদ মেলত ঘোষণা কৰে যে পাকিস্তান সেনায়ে সন্ত্ৰাসবাদীৰ লগত মিলি অমৰনাথৰ তীৰ্থ যাত্ৰী সকলক লক্ষ্য কৰি কুটাঘাটৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ পিছতে সস্তম হৈ পৰিছে সেনা ৷
উল্লেখ্য যে, সেনাৰ তথ্য মতে জৈচ-এ-মহম্মদৰ সন্ত্ৰাসবাদীয়ে দিনে নিশায়ে পাক অধিক্ৰীত কাশ্মীৰৰ ফালৰ পৰা সন্ত্ৰাসবাদী ভাৰতলৈ পথাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷