নিউজ ডেস্ক, 4 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ ভয়ৱহতা আমেৰিকাত তেতিয়া পৰিলক্ষিত হৈছিল যেতিয়া ড্ৰোণাল্ড ট্ৰাম্পৰ চৰকাৰে 7 লাখ লোকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথা ঘোষণা কৰিছিল ৷ 2009 চনৰ অৰ্থনৈতিক সংক্ৰমণৰ সময়ত 800,000 লোকে চাকৰি হেৰুৱাইছিল ৷
নিবনুৱাৰ হাৰ 3.5 ৰ পৰা 8.8 শতাংশলৈ বৃদ্ধি পাইছে, যিটো দশকৰ প্ৰথমটো চাকৰি হ্ৰাসৰ ঘটনা হিচাপে পৰিগণিত হৈছে ইউ এছ ব্যুৰ' অৱ লেবাৰ ষ্টেটিষ্টিকৰ পৰা প্ৰকাশিত প্ৰতিবেদনত ৷
লেবাৰ ৰিপ'ৰ্টত চাকৰি হেৰুওৱা 10 মিলিয়ন লোকৰ কোনো তথ্য পোৱা নাই ৷ ইউ এছ এ টু ডেৰ প্ৰতিবেদন অনুসৰি প্ৰায় সংখ্যক চহৰতে আবাসীসকলক গৃহবন্দী হৈ থকাৰ আৰু অনাৱশ্যকীয় ব্যৱসায় যেনে, ৰেষ্টুৰেন্ট, চিনেমা আদি বন্ধ কৰাৰ পূৰ্বেই লেবাৰ সমীক্ষা আৰম্ভ হৈছিল 14 মাৰ্চত ৷ ই প্ৰমাণ কৰে যে, মাৰ্চ মাহত চাকৰি হেৰুওৱা লোকৰ সংখ্যা প্ৰকৃততে আৰু বেছি ৷
আমেৰিকাৰ লেবাৰ ডিপাৰ্টমেন্টে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে, আৰু 6.6 মিলিয়ন কৰ্মীয়ে চাকৰি হেৰুওৱা বুলি অভিযোগ কৰিছে ৷
প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি অৰ্থনীতিৰ ঐতিহাসিক মুক্ত পতন প্ৰথমবাৰলৈ পোহৰলৈ আহিছে ৷ চাকৰি হেৰুওৱা কৰ্মীৰ সংখ্যা 2013 চনত 70 হাজাৰৰ পৰা লেবাৰ সমীক্ষাৰ সময়ত 282,00 হৈছেগৈ ৷
এপ্ৰিলৰ চাকৰিৰ প্ৰতিবেদন মতে, যি সকলক মে'ৰ 8 তাৰিখৰ ভিতৰত অব্যাহতি দিয়া নহয়, প্ৰায় 10 মিলিয়ন আমেৰিকান প্ৰথমবাৰৰ বাবে নিবনুৱা হ'ব যিটো কৰ'ণা মহামাৰীৰ বাবে মানুহক ঘৰত থাকিবলৈ বাধ্য কৰাবলৈ লোৱা সিদ্ধান্তৰ ফল ৷
আগন্তুক কেইটামান সপ্তাহত বিভিন্ন খণ্ডৰ পৰা চাকৰি হেৰুওৱা লোকৰ তথ্য আহিব বুলি ডেনিয়েল ঝাও নামৰ অৰ্থনীতিবিদ গৰাকীয়ে প্ৰকাশ কৰিছে ৷
যদি এইটো সমস্যাৰ সম্পূৰ্ণ উত্থানৰ পূৰ্বে দিয়া সংকেট, তেন্তে অনাগত সময়ত এই সংখ্যা ভাষাৰে প্ৰকাশ কৰিব পৰা নাযাব ৷
লগতে পঢ়ক : ক'ত ক'ত ভ্ৰমণ কৰিছিল গুৱাহাটীৰ কৰ'ণাত আক্ৰান্ত মনিশ তীব্ৰৱালে !