ETV Bharat / bharat

গৌৰৱ গগৈৰ সৈতে 7 জন সাংসদক লোকসভাৰ পৰা নিলম্বন

author img

By

Published : Mar 5, 2020, 10:03 PM IST

Updated : Mar 5, 2020, 11:09 PM IST

উক্ত ঘটনাক লৈ সাংসদ মিনাক্ষী লেখীয়ে পোনপ্ৰথমবাৰৰ বাবে সদনত কোনো সাংসদে অধ্যক্ষৰ স'তে এনে দুব্যৱহাৰ কৰা বুলি মন্তব্য কৰে ৷

7 জন সাংসদক লোকসভাৰ পৰা নিলম্বন
7 জন সাংসদক লোকসভাৰ পৰা নিলম্বন

নিউজ ডেস্ক, 5 মাৰ্চঃ বৃহস্পতিবাৰে লোকসভাত অধিৱেশত অধ্যক্ষৰ টেবুলৰ পৰা কাগজ আজুৰি অনা আৰু সদনৰ নীতি-নিয়মৰ অৱজ্ঞা কৰাৰ বাবে কংগ্ৰেছৰ 7 গৰাকী সাংসদক বাজেট অধিৱেশনৰ বাকী থকা সময়ছোৱালৈ লোকসভাৰ পৰা নিলম্বন কৰা হয় ৷

সাংসদ গৌৰৱ গগৈ, টি এন প্ৰধান, দিন কুৰিয়াক'জ, মনিকা ঠাকুৰ, ৰাজমোহন উন্নিথন , বেন্নী বেহাননৰ লগতে গুৰজিৎ সিং আউজলাক বাজেট অধিৱেশন পৰা নিলম্বিত কৰে অধ্যক্ষ ওম বিৰলাই ৷ পৰৱৰ্তী সময়ত বিয়লি পুনৰ 3 বজাৰ পৰা আৰম্ভ হয় বাজেট অধিৱেশন ৷

উক্ত ঘটনাক লৈ সাংসদ মিনাক্ষী লেখীয়ে পোনপ্ৰথমবাৰৰ বাবে সদনত কোনো সাংসদে অধ্যক্ষৰ সৈতে এনে দুব্যৱহাৰ কৰা বুলি মন্তব্য কৰে ৷ আনহাতে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে 7 জন সদস্যৰ এই দুব্যৱহাৰৰ বিৰোধীতা কৰি সদনৰ পৰা নিলম্বন কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে, লগে লগে সদনে সহমত জনায় 7 সাংসদক নিলম্বন কৰে ৷ উল্লেখ্য যে, লোকসভা অধ্যক্ষৰ দ্বাৰা নিলম্বিত সাংসদে পুনৰাই নিৰ্ধাৰিত সময়ছোৱাৰ বাবে সদনত ভৰি থ'ব নোৱাৰে

কংগ্ৰেছৰ 7 গৰাকী সাংসদক লোকসভাৰ পৰা নিলম্বন

লগতে পঢ়কঃ বিধানসভাৰ মজিয়াত বাকযুদ্ধত লিপ্ত দুই জ্যেষ্ঠ অগপ নেতা

আনহাতে অধ্যক্ষৰ স'তে দুব্যৱহাৰ কৰাৰ বাবে কংগ্ৰেছৰ 7 সাংসদক নিৰ্ধাৰিত সময়ৰ বাবে নিলম্বন কৰা সিদ্ধান্তক সহাঁৰি জনায় ভাৰতীয় জনতা দলে ৷ কংগ্ৰেছ নেতাসকলৰ অনিয়মানুৱৰ্তীতাৰ ওপৰত চকু দিবলৈ এখন পেনেল বহোৱাৰ বাবে অধ্যক্ষ ওম বিৰলাক অনুৰোধ জনায় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে ৷

"অধ্যক্ষৰ টেবুলৰ পৰা কাগজ কাঢ়ি অনা কাৰ্য অতি অপমানজনক, আমি ইয়াৰ নিন্দা কৰো বুলি পৰৱৰ্তী সময়ত সাংবাদিকৰ আগত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে মন্তব্য কৰে ৷ ইয়াৰোপৰি, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কয় যে, কংগ্ৰেছ সদস্যসকলৰ এই অমাৰ্জিত ব্যৱহাৰ নজৰবিহীন ঘটনা ৷ কংগ্ৰেছৰ 7 সাংসদক নিলম্বন কৰা সিদ্ধান্তক আমি সহাঁৰি জনাইছো ৷

Last Updated : Mar 5, 2020, 11:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.