ETV Bharat / bharat

YouTube ত চাই চাই সুৰা প্ৰস্তুত কৰি আটক ৪ যুৱক - YouTube

লক্ ডাউনৰ মাজতেই কেৰালাত অবৈধ ভাৱে সুৰা প্ৰস্তুত কৰি আটক মুঠ ৭ জন । তাৎপৰ্যপূৰ্ণ যে, YouTube ত চাই-চাই সুৰা প্ৰস্তুত কৰাৰ কৌশল অৱলম্বন কৰিছিল চাৰি যুৱকে ।

7 arrested in Kerala for illicit brewing of liquor

author img

By

Published : Apr 4, 2020, 3:22 PM IST

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ শনিবাৰে কেৰালা আৱকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৪ জন যুৱকক আটক কৰিবলৈ সক্ষম হয় । লক্ ডাউনৰ মাজতেই যুৱক কেইজনে ঘৰতে অবৈধ ভাৱে প্ৰস্তুত কৰি আছিল সুৰা । তাৎপৰ্যপূৰ্ণ যে, YouTube ত চাই-চাই সুৰা প্ৰস্তুত কৰি আহিছিল যুৱক কেইজনে । ২০০ লিটাৰ সুৰ প্ৰস্তুত কৰা কেঁচা সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে ।

লক ডাউনৰ মাজতেই শনিবাৰে কেৰালা আৱকাৰী বিভাগে আটক কৰিবলৈ সক্ষম হয় অবৈধ ভাৱে সুৰা প্ৰস্তুত কৰা এটা চক্ৰক । চুমেছ জেমছৰ তত্বাৱধানত চলা অভিযানত চাৰিগৰাকী যুৱকক আটক কৰিবলৈ সক্ষম হয় দলটোৱে । লক্ ডাউনৰ মাজতেই যুৱক কেইজনে ঘৰতে YouTube ত চাই অবৈধভাৱে সুৰা প্ৰস্তুত কৰি আহিছিল । প্ৰায় ২০০ লিটাৰ কেঁচা সামগ্ৰী সহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।

ঠিক একেদৰে অন্য প্ৰান্ততো অভিযান চলাই তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় বিভাগটোৱে । এওঁলোকৰ পৰা প্ৰায় ৮০ লিটাৰ কেঁচা সামগ্ৰী জব্দ কৰে দলটোৱে ।

ইয়াৰ কিছু দিন পূৰ্বেও অভিযানত আৱকাৰী বিভাগৰ প্ৰাক্তন বিষয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে নকলি হলগ্ৰামছ আৰু ষ্ট্ৰিকাৰ্ছ সহ ৫০০ টা বটল জব্দ কৰিবলৈ সক্ষম হৈছিল ।

এক তথ্য মতে, ৰাজ্যখনত ৩.৩৪ কোটি জনসংখ্যাৰ ৩২.৯ লাখ লোকে সুৰা সেৱন কৰে । ইয়াৰে ২৯.৮ লাখ পুৰুষ আৰু ৩.১ লাখ মহিলা । প্ৰতিদিনে প্ৰায় পাঁচ লক্ষাধিক লোকে সুৰা সেৱন কৰে । ইয়াৰ মাজত ১০৪৩ গৰাকী মহিলাৰ বিপৰীতে ৮৩,৮৫১ জন পুৰুষৰ আছে মদ্যপানৰ আসক্তি ।

কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ৭.৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান নেইমাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.