নিউজ ডেস্ক, 27 এপ্ৰিলঃ 17সংখ্যক লোকসভা নিৰ্বাচনৰ পূৰ্বেই দলে বলে বিজেপিত যোগদানৰ ঢৌ উঠিছে দেশত ৷ শেহতীয়াকৈ খেলুৱৈকে ধৰি, অভিনেতা আৰু এইবাৰ সেনা বিষয়াই দলটোত যোগদান কৰে ৷
শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে সাতগৰাকী সেনা বিষয়াই ৷ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত দলটোত যোগদান কৰে এইসকল সেনা বিষয়াই ৷
বিজেপিত যোগদান কৰা সেনা বিষয়াসকল ক্ৰমে, লে. জেন. জে বি এছ যাদৱ, লে. জেন. আৰ এন সিং, লে. জেন. এচ কে পাটয়াল, লে. জেন. সুনিত কুমাৰ, লে. জেন. নিতীন কোহলি, কৰ্ণেল আৰ কে ত্ৰিপাঠী আৰু ৱিং কামাণ্ডাৰ নভনীট মেগন ৷