নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী : জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত প্ৰায় 62 আৰক্ষী বিষয়া আৰু 127 অন্যান্য লোক আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ কৰা হৈছে ৷
দিল্লী আৰক্ষীয়ে প্ৰদান কৰা তথ্যৰ পৰা গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জি. কৃষণ ৰেড্ডীয়ে কয় যে, ৰাজহুৱা সম্পত্তি সংৰক্ষণৰ লগতে নিৰ্দোষী ছাত্ৰ-ছাত্ৰীক ৰক্ষণাবেক্ষণ দিবৰ বাবেহে বিশ্ববিদ্যালয় চৌহদত আৰক্ষীয়ে প্ৰৱেশ কৰিছিল ৷
ৰেড্ডীয়ে লগতে কয়, "দিল্লী আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি, আইন বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ লগতে ৰাজহুৱা সম্পত্তি ধংস হোৱাৰ বাবে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু কৰা হৈছে ৷"
ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে বৰ্তমানলৈকে 15 জন লোকক আটক কৰিছে ৷ এই ঘটনাত 62 জন আৰক্ষী বিষয়াৰ লগতে 36 ছাত্ৰ-ছাত্ৰী আআঘাতপ্ৰাপ্ত হৈছে ৷
আৰু পঢ়ক : বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায়