ETV Bharat / bharat

602 'শ্ৰমিক বিশেষ' ট্ৰেইনেৰে 7 লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকক উদ্ধাৰ

author img

By

Published : May 13, 2020, 1:26 PM IST

602 'শ্ৰমিক বিশেষ' ট্ৰেইনেৰে 7 লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকক উদ্ধাৰ ৰেলৱে' বিভাগৰ ৷ ৰেলৱে'ই প্ৰতিদিনে 100 খনকৈ 'শ্ৰমিক বিশেষ' ট্ৰেইনৰ পৰিবহণ কৰিব ৷

ৰেলৱে' বিভাগ
602 'শ্ৰমিক বিশেষ' ট্ৰেইনেৰে 7 লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকক উদ্ধাৰ

নেশ্যনেল ডেস্ক, 13 মে' : মঙলবাৰে ৰেলৱে' বিভাগৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি, 1 মে' পৰ্যন্ত 602 খন শ্ৰমিক বিশেষ ট্ৰেইনৰ চলাচল আৰু প্ৰায় 7 লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকক নিজ ৰাজ্যত উপস্থিত কৰোৱা হয় ৷

সোমবাৰে গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ৰেলৱে'ই প্ৰতিদিনে 100 খনকৈ শ্ৰমিক বিশেষ ট্ৰেইনৰ পৰিবহন কৰিব ৷

মঙলবাৰ পৰ্যন্ত চলাচল হোৱা 575 খন ট্ৰেইনৰ 463 খন গন্তব্য স্থানত উপস্থিত হোৱাৰ লগতে 112 খনৰ চলাচল বৰ্তমানেও অব্যাহত আছে ৷ উত্তৰ প্ৰদেশলৈ 221 খন, বিহাৰলৈ 117 খন, মধ্য প্ৰদেশলৈ 38 খন, উড়িশালৈ 29 খন, ঝাৰখণ্ডলৈ 27 খন, ৰাজস্থানলৈ 4 খন, মহাৰাষ্ট্ৰলৈ 3 খন, তেলেংগানা আৰু পশ্চিমবংগলৈ 2 খন, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডুলৈ এখনকৈ ট্ৰেইন পৰিবহণ কৰা হৈছে ৷

এই যাত্ৰীসকলে ট্ৰেইনত পৰিবহণ কৰাৰ পূৰ্বে সঠিক স্ক্ৰীনিং কৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই ভ্ৰমণৰ সময়ছোৱাত যাত্ৰীসকলক প্ৰদান কৰা হৈছিল খাদ্য আৰু পানী ৷ সোমবাৰৰ পৰা প্ৰতিখন ট্ৰেইনত প্ৰায় 1,700 জনকৈ লোকক কঢ়িয়াই নিয়া হৈছে ৷ আনহাতে, পূৰ্বে 1,200 জনকৈ লোকক কঢ়িয়াইছিল এই ট্ৰেইনসমূহে ৷

পূৰ্বে এই ট্ৰেইনসমূহৰ এটাই ষ্টপেজ নাছিল যদিও বৰ্তমান গন্তব্যস্থলৰ ৰাজ্যখনৰ তিনিটা ষ্টপেজত ট্ৰেইনসমূহ ৰখোৱা হ'ব ৷ বহু ৰাজ্যৰ চৰকাৰে অনুৰোধ জনোৱাৰ পাচত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ তথ্য অনুসৰি, এই লোকসকলক ভ্ৰমণৰ বাবে ৰেলৱে'ই প্ৰতিখন ট্ৰেইনত খৰছ কৰিবলগা হৈছে 80 লাখকৈ টকা ৷ কেন্দ্ৰই পূৰ্বেই ঘোষণা কৰিছিল যে, এই খৰছ 85 :15 অনুপাতত ৰাজ্যসমূহৰ সৈতে শ্বেয়াৰ কৰা হ'ব ৷

এই সেৱা আৰম্ভ হোৱাৰ পৰা সৰ্বাধিক ট্ৰেইন প্ৰেৰণ কৰাৰ ক্ষেত্ৰত গুজৰাট শীৰ্ষ স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে কেৰালা ৷ আনহাতে, ট্ৰেইন উপস্থিত হোৱা ৰাজ্যৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থানত আছে বিহাৰ আৰু উত্তৰ প্ৰদেশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.