নিউজ ডেস্ক, 6 মে': আজি দেশৰ 7 খন ৰাজ্যৰ 51 টা সমষ্টিৰ বাবে আৰম্ভ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং , ৰাজ্যৱৰ্ধন সিং ৰাথোড়,স্মৃতি ইৰাণী ,ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ দৰে শীৰ্ষ নেতা অৱতীৰ্ণ হৈছে নিৰ্বাচনী যুঁজত ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3200549_elec.jpg)
কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা লক্ষ্নৌ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙে স্কলাৰ্চ হোম স্কুলৰ 333নং ভোটকেন্দ্ৰৰ পৰা ভোটদান কৰাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজস্থানৰ জয়পুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাজ্যৱৰ্ধন সিং ৰাথৌৰে পত্নীসহ ভোটদান কৰে জয়পুৰত ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3200549_e33.jpg)
পুৱাৰ ভাগতেই বিজেপিৰ প্ৰাক্তন নেতা যশোৱন্ত সিনহায়ো ঝাৰখণ্ডত সম্পন্ন কৰে ভোটদান ৷ তেওঁৰ পুত্ৰ তথা কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাই ঝাৰখণ্ডৰ হাজাৰিবাগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ লগতে বহুজন সমাজবাদী পাৰ্টিৰ প্ৰধান মায়াৱতীয়েও লক্ষ্নৌত সাব্যস্ত কৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰ ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3200549_ew.jpg)