ETV Bharat / bharat

পূৰ্বীয় নৌ-সেনা কামাণ্ডত উদযাপন বিজয় দিৱসৰ ৫০ বৰ্ষপূৰ্তি

author img

By

Published : Dec 16, 2020, 9:42 PM IST

পাকিস্তানৰ সৈতে হোৱা ৭১ৰ যুদ্ধৰ বিজয় দিৱসৰ ৫০ বৰ্ষপূৰ্তিত দেশ ৰক্ষাৰ নামত শ্বহীদ জোৱানসকলৰ স্মৃতিত ভাৰতীয় নৌ-সেনাৰ বিশেষ কাৰ্যসূচী । সেই অনুসৰি, পূৰ্বীয় নৌ-সেনা কামাণ্ডত পালন কৰা হয় বিজয় দিৱসৰ ৫০ বৰ্ষপূৰ্তি । ৫০ গাৰ্ড পেৰেডৰ লগতে দুই মিনিট মৌনতাৰে শ্বহীদক স্মৰণ কৰে সাগৰ বাহিনীয়ে ।

ইষ্টাৰ্ণ নাভাল কামাণ্ডত বিজয় দিৱস পালন
ইষ্টাৰ্ণ নাভাল কামাণ্ডত বিজয় দিৱস পালন

নিউজ ডেস্ক, ১৬ ডিচেম্বৰঃ ভাৰতীয় নৌ-সেনাৰ ইষ্টাৰ্ণ নাভাল কামাণ্ডত পালন কৰা হয় বিজয় দিৱসৰ ৫০ বৰ্ষপূৰ্তিৰ ‘স্বৰ্ণিম বিজয় বৰ্ষ’ । ১৯৭১ৰ ভাৰত-পাক যুদ্ধৰ ভাৰতীয় সৈন্যবাহিনীৰ শ্বহীদ জোৱানসকলক স্মৰণ কৰি এইদৰে বিজয় দিৱস পালন কৰে নৌ-সেনাই ।

বিশাখাপট্টনমৰ আৰ কে বীচত থকা ‘ভিক্টৰি এট ছি‘ যুদ্ধস্মাৰকত পুষ্পাঞ্জলি প্ৰদান কৰে নৌ-সেনা প্ৰকল্প নিৰ্দেশক ভাইচ এডমিৰেল কিৰণ মানিকৰাও দেশমুখে (বিশিষ্ট সেৱা মেডেল) । ৫০ গাৰ্ডৰ এটা দলে সেই স্থানত পেৰেড প্ৰদৰ্শন কৰাৰ লগতে দুই মিনিটৰ মৌনতা অৱলম্বন কৰা হয় ।

আজিৰ দিনটোতে ৪৯ বৰ্ষ পূৰ্বে ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত ভাৰতৰ হাতত পৰাজিত হোৱাৰ লগতে ৯৩ হাজাৰ পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰিছিল । লেফ. জেন. এ এ কে নিয়াজীয়ে ঢাকাত ভাৰতীয় স্থলসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জিঅচি ইন চি লেফ. জেন. জে কে আৰোৰাৰ উপস্থিতিত আত্মসমৰ্পণ পত্ৰত স্বাক্ষৰ কৰিছিল । ইয়াৰ পিচতেই পাকিস্তানৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰাৰ লগতে বাংলাদেশৰ জন্ম হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.