ETV Bharat / bharat

দুপৰীয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - 5 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Jan 5, 2021, 5:01 PM IST

বাক্সাৰ মেছগুৰিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ মেছগুৰিত উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ ৷ নৈৰ পাৰত দুৰ্বৃত্তই পুতি থোৱা অৱস্থাত উদ্বাৰ হৈছে 9 এমএম পিষ্টল সহ ১১ জাই সজীৱ গুলি ৷

16 দিনৰ পিচতো সন্ধান পোৱা নাই শিৱসাগৰৰ অভিযন্তাৰ

বিগত 16 দিন ধৰি সন্ধানহীন হৈ আছে শিৱসাগৰৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ ৷ বিষয়া গৰাকীৰ মুক্তিপণ দাবী কৰিছে 20 কোটি টকা ৷ চৰকাৰলৈ বিশেষভাৱে আহ্বান জনাইছে পত্নীয়ে ৷

উচ্চ ন্যায়ালয়ৰ গোচৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি

মঙলবাৰেও ন্যায়ালয়ৰ গোচৰ তালিকাত স্থান নাপালে অখিল গগৈৰ শুনানিয়ে । যাৰ বাবে আশাহত হৈছে ৰাইজৰ দলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি ।

কোকৰাঝাৰত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত 2 শিশু

কোকৰাঝাৰৰ কচুগাঁৱত খেলি থাকোতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছে দুই শিশুৱে ৷ জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লোৱা দুই শিশু ক্ৰমে অমিন্দ্ৰ কিস্কুৰ কন্যা আৰ্চিনা কিস্কু (৪) আৰু সোম হেমব্ৰমৰ পুত্ৰ মণিৰাম হেমব্ৰম (৫) বুলি জানিব পৰা গৈছে ৷

শিল ভাঙি জীৱন নিৰ্বাহ কৰা ভাৰত-ভূটান সীমান্তৰ এটা অঞ্চল

আজিও চৰকাৰী আঁচনিৰ বিষয়ে বুজি নাপায় বাক্সা জিলাৰ সুৱনখাটাৰ কেইবাখনো গাঁৱৰ ৰাইজে ৷ কিয়নো সকলো ধৰণৰ চৰকাৰী সুবিধাৰ পৰাই বঞ্চিত তেওঁলোক ৷

যোৰহাটত আৰম্ভ হ'ব টাই গৱেষণা আৰু সাংস্কৃতিক কেন্দ্র

যোৰহাটত আৰম্ভ হ'ব টাই গবেষণা কেন্দ্ৰ আৰু সাংস্কৃতিক কেন্দ্র । যোৰহাটত নিৰ্মাণ হ'বলগীয়া টাই গবেষণা কেন্দ্ৰ আৰু সাংস্কৃতিক কেন্দ্ৰৰ মঙলবাৰে আধাৰশিলা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে যোৰহাটৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ।

চৰাইদেউত ২৫ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন

পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে চৰাইদেউ জিলাত সোমবাৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ প্ৰত্নতাত্বিক স্থানৰ আন্তঃগাঁঠনি আৰু উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।

সোণোৱাল চৰকাৰে আদায় দিব পৰা নাই চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল

সোণোৱাল চৰকাৰে আদায় কৰিব পৰা নাই চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল। বিপাঙত এতিয়া শক্তি বিতৰণ কেন্দ্ৰ। নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰণ শক্তি আৰু বিতৰণ কোম্পানীৰ।

শীঘ্ৰে নলবাৰীত মুকলি হ’ব তাৰকাগৃহ

2012 চনতে তেতিয়াৰ শিক্ষা,স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নলবাৰী 31নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ সৰিয়হ তলীত তাৰকা গৃহটোৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তাৰ পিছতে নিৰ্মাণ হৈ থকা তাৰকা গৃহটোৰ ভৱন সমূহ সম্পূৰ্ণ হয় ৷ ইপিনে কিছু কাৰিকৰী অসুবিধা আৰু প্ৰয়োজনীয় যন্ত্ৰ পাতিৰ অভাৱত আজিলৈকে মুকলি হোৱা নাছিল নলবাৰীৰ তাৰকা গৃহটো ।

আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব ছাত্ৰ সন্থা: অতুল বৰা

বৰপেটাত মঙলবাৰে অনুষ্ঠিত হয় অগপৰ ঐক্য সমাৰোহ ৷ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত ঐক্য সমাৰোহত অগপৰ সভাপতি অতুল বৰা,ফনী ভূষণ চৌধুৰীকে ধৰি অগপৰ মহিলা পৰিষদ,যুৱ পৰিষদৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.