জলসম্পদ বিভাগৰ আঁচিন ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ
বঙাইগাঁৱত জলসম্পদ বিভাগৰ আঁচনি ৰূপায়ণত ভয়ংকৰ দুৰ্নীতি অভিযোগ ৷ বঙাইগাঁৱৰ অভয়াপুৰীৰ সৃজনগ্ৰামত নামমাত্ৰ কাম কৰি সামৰিলে ৯৬ লাখ টকীয়া আঁচনিৰ ৷
দীৰ্ঘদিন ধৰি মহানগৰীৰ পশ্চিম প্ৰান্তৰ আগছিয়াত ৰাতুল কলিতা আৰু কবিন্দ্ৰ কলিতা নামৰ যুৱক দুজনে চুৰিকাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ যুৱক দুজনে চুৰিকাৰ্য সংঘটিত কৰি থকা সময়তে স্থানীয় ৰাইজে কৰায়ত্ব কৰি আজাৰা আৰক্ষীক গতাই দিয়ে ৷ সোধ-পোছৰ অন্তত দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷
লেপেটকটা দুৰ্ঘটনা : নিহতৰ পৰিয়াললৈ অসম চৰকাৰৰ ২ লাখকৈ সাহাৰ্য প্ৰদান
কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ লেপেটকটাত এক পথ দুৰ্ঘটনা মৃত্যু হৈছিল ৬ জনকৈ লোকৰ ৷ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰে ২ লাখ টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে ৷
মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পাঁচ মাহৰ অন্তত এটা দিনত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাই হৈছেগৈ 27,000 গৰাকী ৷ ইয়াৰ লগে লগে দেশত 97 লাখৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ নতুনকৈ 385 গৰাকী লোকৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 1,40,958 লৈ বৃদ্ধি পাইছে ৷
বিটিচি নিৰ্বাচন : বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান
বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 80 শতাংশ ভোটদান সম্পন্ন হৈছে বাক্সা জিলাত ৷ জিলাখনত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাম-কাজ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পাদন হয় বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসন কৰ্তৃপক্ষই ৷
অবৈধ কাৰ্যত লিপ্ত পুৰুষ-মহিলাক থানাত গটালে স্থানীয় ৰাইজে
বাক্সাত এহাল পুৰুষ-মহিলাৰ বিৰুদ্ধে অবৈধ কাৰ্যত লিপ্ত থকাৰ অভিযোগ ৷ নিশা দুয়োকে অসংযত অৱস্থাত উদ্ধাৰ কৰাৰ পাছতে ক্ষুব্ধ ৰাইজে দুয়োকে আৰক্ষীক গটাই দিয়ে ৷
ৰাইজৰ দলৰ কমলপুৰ সমষ্টিৰ আহ্বায়ক সমিতি গঠন
2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰস্তুতি ৷ কমলপুৰ সমষ্টিত ৰাইজৰ দলৰ 35 জনীয়া আহ্বায়ক সমিতি গঠন ৷ কমলপুৰ সমষ্টিকে ধৰি বিভিন্ন সমষ্টিত শেহতীয়াভাবে বিভিন্ন চৰকাৰী আঁচনিত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ দলৰ কমলপুৰ সমষ্টিৰ প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ জিতুল ডেকাৰ ৷
COVID-19 ত আক্ৰান্ত অভিনেত্ৰী কৃতি চেনন
বলীউড অভিনেত্ৰী কৃতি চেনন আক্ৰান্ত হৈছে COVID-19 ত ৷ ভিন্ন প্ৰতিবেদনত সদৰী কৰা হৈছে এই তথ্য ৷
অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক প্ৰতিৰক্ষা সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ
যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব হিচাপে নেতৃত্ব দিয়াৰ বাবে অৱসৰপ্ৰাপ্ত আৰ্মী জেনেৰেল লইদ আষ্টিনক নিৰ্বাচন সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে সদ্য নিৰ্বাচিত ডেম'ক্ৰেট প্ৰাৰ্থী জ' বাইডেনৰ ৷ 2013 ৰ পৰা 2016 লৈ সংযুক্ত ৰাষ্ট্ৰৰ চেন্ট্ৰেল কমাণ্ডৰ কামাণ্ডাৰ পদত অধিষ্ঠিত আষ্টিনে শীৰ্ষ পাকিস্তানী নেতৃত্বৰ সৈতেও বহুবাৰ কথা-বাৰ্তাত মিলিত হৈছিল ৷
জৰাজীৰ্ণ বিদ্যালয়গৃহত কেনেদৰে হ'ব পাঠদান...
পুঠিমাৰী নৈৰ বানত প্ৰায় ছমাহৰ পৰাই বিধ্বস্ত হৈ পৰি ৰৈছে ৰঙিয়াৰ খন্দিকৰ উলুবাৰী প্ৰাথমিক বিদ্যালয় ৷ যাৰ বাবে জানুৱাৰী মাহৰ পৰা চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহত পাঠাদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ নিৰ্দেশনাক লৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে শিক্ষকৰ লগতে অভিভাৱকসকল ৷