ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Nov 2, 2020, 5:02 PM IST

তেজপুৰত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তেজপুৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মডেল হাইস্কুৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে উপস্থিত মন্ত্ৰী গৰাকী ৷

কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্ত হৈছে 4,68,10,375 গৰাকী ব্যক্তি আৰু ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 12,05,206 গৰাকীয়ে ৷ ভাইৰাছবিধে সমগ্ৰ বিশ্বৰ অৰ্থ ব্যৱস্থাত ভয়ংকৰ ক্ষতি কৰিছে ৷ লগতে সলনি কৰিছে সমগ্ৰ বিশ্বৰ জন সাধাৰণৰ জীৱন প্ৰণালী ৷

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰে পৰা 30 নৱেম্বৰলৈকে প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি কৰি দিছে এই অনলাইন ব্যৱস্থা ৷

18 নৱেম্বৰত ইমৰাণ খানে উদ্বোধন কৰিব মেগা চিপেক চিটী প্ৰকল্প

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে অহা 18 নৱেম্বৰত মেগা চিপেক (CPEC) চিটী প্ৰকল্প উদ্বোধন কৰিব ৷ চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙৰ বেল্ট এণ্ড ৰোড ইনিশ্বিয়েটিভৰ অধীনৰ 62 বিলিয়ন আমেৰিকান ডলাৰৰ অভিলাসী চিপেক প্ৰকল্পৰ অধীনত এই চিটী নিৰ্মাণ কৰা হৈছিল ৷

বিদ্যালয় খোলাৰ দিনাই পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী

প্ৰথম দিনাই পাঠদানৰ পৰা বঞ্চিত হ'ল নাৰায়ণপুৰৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ প্ৰধান শিক্ষকে দায়িত্ব নোলোৱাৰ বাবেই চেনিটাইজ কৰোৱা নহ’ল বিদ্য়ালয়খন ৷ যাৰ পৰিপেক্ষিতত পাঠদানৰ পৰা বঞ্চিত হৈ ৰ’ল নাৰায়ণপুৰৰ খেৰাজখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ৷

পঞ্জাৱ আৰু ছত্তিশগড়ৰ পিচত ৰাজস্থানতো উত্থাপন কৃষি আইন বিৰোধী বিধেয়ক

ৰাজস্থানৰ চলিত বিধানসভা অধিবেশনত আজি উত্থাপন পাঁচখনকৈ বিল ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাজ্যখনে নিজাকৈ প্ৰস্তুত কৰা কৃষক আইন ৷ কেন্দ্ৰীয় চৰকাৰৰ বহু বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে এই বিধেয়ক সদনত উত্থাপন কৰিব কংগ্ৰেছে ৷

তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি

পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ নিশা হঠাতে অসুস্থ হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

মণিপুৰত দলং ভাঙি নদীত সোমাল ট্ৰাক

মনিপুৰৰ তমেংলং জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বালিভৰ্তি এখন ট্ৰাক দলং ভাঙি বৰাক নদীত পৰি যায় ৷

নিউজিলেণ্ডৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত ল'লে ভাৰতীয় মহিলাই

কেৰালাৰ জন্মগ্ৰহণ কৰা ভাৰতীয় মুলৰ প্ৰিয়ংকা ৰাধাকৃষ্ণণে নিউজিলেণ্ডৰ জাকিণ্ডা আৰ্ডেৰ্ণৰ কেবিনেটত এগৰাকী মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷

মিঞা সংগ্ৰহালয় বিৰ্তকৰ মাজতে সাংসদ দিলীপ শইকীয়াৰ মন্তব্য

বিতৰ্কিত মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ৷ এই সংগ্ৰহালয় স্থাপন কৰিবলৈ হ’লে এই দাবী উত্থাপন কৰা লোকসকল খিলঞ্জীয়া হ’ব লাগিব বুলি প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.