নিউজ ডেস্ক, 2 অক্টোবৰ : ঝাৰখণ্ডৰ ধানবাদ জিলাৰ পূব প্ৰান্তৰ তুণ্ডী আৰক্ষী চকীৰ অন্তৰ্গত লটানী নামৰ ঠাইত সোমবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, পাঁচগৰাকীকৈ লোক থিতাতে নিহত হয় ৷ ইফালে দুৰ্ঘটনাটোত গাড়ীচালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
উন্নত চিকিৎসাৰ বাবে গাড়ীচালকগৰাকীক ধানবাদ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ তীব্ৰবেগী ৱাগনাৰ বাহনে পথত ৰৈ থকা ট্ৰাকত পিচফালৰ পৰা খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘনাটো সংঘটিত হয় ৷
নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু দুগৰাকী পুৰুষ তথা দুটা শিশু আছে বুলি জানিব পৰা গৈছে ৷ ৱাগনাৰ বাহনখনে ধানবাদৰ পৰা জামতাড়ালৈ বুলি গৈ আছিল আৰু গোবিন্দপুৰ-চাহেবগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷
লগতে পঢ়ক : উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত ছগৰাকী