নিউজ ডেস্ক, ১১ জুনঃ ওড়িশাৰ ভূৱনেশ্বৰস্থিত এইমছৰ ৫ জন চিকিৎসকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ অৱস্থিতি। বৃহস্পতিবাৰে হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰে এই কথা।
ইতিমধ্যে কোভিড-১৯ পজিটিভ পোৱা আটাইকেইজন চিকিৎসককে এইমছৰ কোভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। লগতে,নিৰ্দেশাৱলী অনুসৰি চিকিৎসক কেইজনৰ সংস্পৰ্শত অহা লোকসকলৰ চিনাক্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই। লগতে, চিনাক্ত হোৱা ব্যক্তিসকলৰ কোভিড-১৯ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
মহামাৰী কোভিড-১৯ৰ কৱলত পৰা ৫ জন চিকিৎসক সকলৰ ভিতৰত ৩ জুনৰ এজনৰ পজিটিভ পোৱা গৈছিল। আনহাতে, ৯ জুনত আন চাৰিজন চিকিৎসকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। উল্লেখ্য যে, বৰ্তমানলৈকে ভূৱনেশ্বৰ এইমছৰ ২৫০ গৰাকীৰ অধিক স্বাস্থ্যকৰ্মী আক্ৰান্ত হৈছে কোভিড-১৯ত।
লগতে চাওকঃ আই আই টি গুৱাহাটীৰ তিনি শিক্ষাৰ্থীৰ অভিনৱ উদ্ভাৱন