নিউজ ডেস্ক, ৬ জুনঃ দিল্লীৰ নায়ক ভৱনৰ এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচজন ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছ । যাৰ বাবে কাৰ্যালয়তো ছেনিটাইনজ কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।
আনহাতে,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অনুসৰি,দিল্লীত বৰ্তমান পৰ্যন্ত ২৬,৩৩৪ জন লোকৰ দেহত ধৰা পৰে মহামাৰী COVID-19ৰ উপস্থিতি । আনহাতে,বিগত ২৪ ঘণ্টাত মহামাৰী কৰ'ণাত ৯,৮৮৭ জন লোক আক্ৰান্ত হৈছে বুলি সদৰী কৰে । তাৰোপৰি ২,৩৬,৬৫৭ জন কৰ'ণা আক্ৰান্ত সংখ্যা ৰোগীৰ সৈতে ভাৰত বিশ্বৰ ভিতৰত ষষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে ।