নিউজ ডেস্ক, 29 মাৰ্চ : দুগৰাকী ভাৰতীয় মুলৰ গৱেষকে গণিত শাস্ত্ৰৰ এক নতুন আৰ্হিৰ দ্বাৰা বৰ্তমান সময়ত দেশত 49 দিনৰ লকডাউনৰ প্ৰয়োজন আছে বুলি দাবী কৰিছে ৷ ইংলেণ্ডৰ কেমব্ৰীজ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা দুয়োগৰাকী ভাৰতীয় গৱেষক শিক্ষাৰ্থী, ৰণোজয় অধিকাৰী আৰু ৰাজেশ সিঙে, দেশত জাৰী কৰা 21 দিনৰ লকডাউনে ক্ষন্তেক সময়ৰ বাবেহে কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে ৷
- ভাৰতত কোভিড-19ৰ প্ৰভাৱ ৰোধ কৰিবলৈ ভাৰতীয় জনসংখ্যাৰ ক্ষেত্ৰত বয়স আৰু সামাজিক সম্পৰ্কে সম্বন্ধে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত এই আৰ্হিটোৱে হৈছে প্ৰথম ৷
- তেওঁলোকৰ গৱেষণা পত্ৰ 'e-Age-structured impact of social distancing on the COVID-19 epidemic in India'খন ইতিমধ্যে ArXivত প্ৰকাশ পাইছে আৰু ইয়াৰ পুনৰীক্ষণ হ'বলৈ এতিয়াও বাকী আছে ৷
- সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত কাৰ্যক্ষেত্ৰত উপস্থিতি, বিদ্যালয় বন্ধ কৰি দিয়া আৰু লকডাউন সম্বন্ধে আলোচনা কৰা হৈছে ৷
- গৱেষক দুজনে বয়স সম্বন্ধীয় SIR modelৰ সহযোগত সামাজিক সম্পৰ্ক গাণনিকৰ লগতে Bayesian imputationৰ সহযোগত ভাৰতত কোভিড-19ৰ অৱস্থা সম্পৰ্কে বাখ্যা কৰিছে ৷
- সামাজিক দুৰত্বৰ গাঁথনিয়ে সংক্ৰমণ ৰোধক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ভেকচিনৰ অনুপস্থিতিত বৃহৎ হাৰে সামাজিক দুৰত্ব অৱলম্বন কৰি এই ভাইৰাছক ৰোধ কৰিব পৰা যাব বুলি গৱেষণাপত্ৰখনত উল্লেখ আছে ৷
দেশত বৰ্তমান সময়লৈকে 900ৰো অধিক লোক কৰ'ণা ভাইৰাছৰ কৱলত পৰিছে ৷ দেওবাৰলৈ ভাৰতত 1024 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু 27 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷