নেশ্যনেল ডেক্স,24 মেঃ উৰিষ্যাৰ কেন্দ্ৰপাৰা জিলাত প্ৰায় 40 ফুট দৈৰ্ঘৰ এটা লুপ্তপ্ৰায় তিমিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । জিলাখনৰ এগৰাকী বন বিষয়াই কয় যে, উদ্ধাৰ হোৱা স্তন্যপায়ীটোৰ ওজন প্ৰায় 10 টন হ'ব ।
ৰাজনগৰ মেনগ্ৰুভ বনাঞ্চল শাখাৰ জিলা বনবিষয়া ৰঞ্জন দাসে জনায় যে, 'স্তন্যপায়ীটোৰ দেহত কেইবাটাও আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে । এই প্ৰজাতিবিধক আইইউচিএনৰ দ্বাৰা ভাবুকিসম্পন্ন লুপ্তপ্ৰায় প্ৰাণীসমূহৰ ৰঙা তালিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে ।'
স্তন্যপায়ীটোৰ দেহৰ আঘাতসমূহ প্ৰত্যক্ষ কৰি ইয়াক কোনো জাহাজ নাইবা মাছমৰীয়াৰ নৌকাই খুন্দিওৱাৰ সন্দেহ প্ৰকাশ কৰে জিলা বনবিষয়া গৰাকীয়ে । তিমিটোৰ মৰনোত্তৰ পৰীক্ষাৰ অন্তত ইয়াক পুতি থোৱা হ'ব নে ইয়াৰ কংকালটো সংৰক্ষণ কৰা হ'ব এই সন্দৰ্ভত উচ্চ বিষয়াসকলৰ সৈতে আলোচনা কৰা হ'ব বুলি জনায় জিলা বন বিষয়া ৰঞ্জন দাসে ।
লগতে পঢ়ক- ডিব্ৰু ছৈখোৱাত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞাসহ সজাতি দল