নিউজ ডেস্ক, 20 জুনঃ বিজেপিৰ দলীয় নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে চাৰিগৰাকী তেলেগু দেশম পাৰ্টীৰ সাংসদে ৷ তেলেগু দেশম পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৱাই এছ চৌধাৰী, চিএম ৰমেশ, টিজি ভেংকটেশ আৰু জি মোহন ৰাওৱে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷
ৰাজ্যসভাৰ অধ্যক্ষ তথা দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ আগত চাৰিওগৰাকী সাংসদে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ নতুন দিল্লীত আয়োজিত এক সভাযোগে দলটোত যোগদান কৰে চাৰিওগৰাকী সাংসদে ৷ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা, ৰাজ্যসভাৰ নেতা থাৱৰ চন্দ্ৰ গেহলট তথা সিকেন্দ্ৰবাদ সমষ্টিৰ সাংসদ ডি কিশান ৰেড্ডী উপস্থিত থাকে ৷