ETV Bharat / bharat

উত্তৰ প্ৰদেশত নাহৰফুটুকীৰ আক্ৰমণত ৪ জন আহত - কৰ'ণা ভাইৰাছ

উত্তৰ প্ৰদেশত কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতেই নাহৰফুটুকীৰ সন্ত্ৰাস । দুটাকৈ পৃথক-পৃথক ঘটনাত আনহাত চাৰিজন লোক ।

4 people injured in separate leopard attacks in UP's Bahraich
উত্তৰ প্ৰদেশত নাহৰফুটুকীৰ আক্ৰমণত ৪ জন আহত
author img

By

Published : Apr 11, 2020, 9:59 AM IST

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ শুকুৰবাৰে উত্তৰ প্ৰদেশত নাহৰফুটুকীৰ সন্ত্ৰাস । দুটাকৈ পৃথক-পৃথক নাহৰফুটুকী আক্ৰমণত আহত হয় মুঠ ৪ জনকৈ লোক । কাটাৰনিয়াঘাট অভয়াৰণ্যৰ সমীপত সংঘটিত হয় এই ঘটনা সমূহ ।

বন বিষয়াই জানিব দিয়া মতে, এটা ঘটনা লাল বঝা গাঁৱৰ ধাৰ্মাপুৰ ৰেঞ্জৰ অন্তৰ্গত দুই ভাতৃ ক্ৰমে আছৰফ আলি আৰু ৰফিকক কৃষি ফাৰ্মত কাম কৰি থকা সময়তে আক্ৰমণ চলায় নাহৰফুটুকীয়ে । গাঁওবাসীৰ তৎপৰাত প্ৰাণ ৰক্ষা পৰে যুৱক দুজনৰ ।

আনহাতে সেই একেখন গাঁৱতে মটিপুৰ ৰেঞ্জত ৰবি প্ৰকাশ আৰু গোবিন্দৰ ওপৰতো নাহৰফুটুকীয়ে আক্ৰমণ চলায় আঘাত প্ৰাপ্ত কৰে লোক দুজনক । চাৰিওকে পিচত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলিও ডিএফঅ জিপি সিঙে জানিবলৈ দিয়ে ।

কৰ'ণা ভাইৰাছৰ বাবে লক্ ডাউন চলি থকাৰ মাজত মানুহৰ সমাগম, যান-বাহনৰ চলাচল কমি যোৱাৰ বাবেই জনাঞ্চলত এনেদৰে জন্তুৱে আক্ৰমণ চলাইছে বুলি উল্লেখ কৰে সিঙে । গাঁওবাসীক এই সন্দৰ্ভত সজাগ কৰা হৈছে । তেওঁলোকক সতৰ্ক আৰু ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে বন বিষয়াগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.