ETV Bharat / bharat

ভাৰত-নেপাল সীমান্তত ৪ জন মাওবাদীক হত্যা সুৰক্ষা বাহিনীৰ - সুৰক্ষা বাহিনী

বিহাৰৰ নিকটবৰ্তী ভাৰত-নেপাল সীমান্তৰ পশ্চিম চম্পাৰন জিলাত শুকুৰবাৰে ভাৰতীয় সুৰক্ষা বাহিনীৰ এজন জোৱানে ৪ জন মাওবাদীক হত্যা কৰিছে । লগতে, তেওঁলোকৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

4-maoists-killed-encounter-near-indo-nepal-border-in-bihar

author img

By

Published : Jul 10, 2020, 7:05 PM IST

নিউজ ডেস্ক, ১০ জুলাই : বিহাৰৰ নিকটবৰ্তী ভাৰত-নেপাল সীমান্তৰ পশ্চিম চম্পাৰন জিলাত শুকুৰবাৰে ভাৰতীয় সুৰক্ষা বাহিনীৰ এজন জোৱানে ৪ জন মাওবাদীক হত্যা কৰিছে । লগতে, তেওঁলোকৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

আই জি সঞ্জয় কুমাৰৰ মতে, উক্ত ঘটনাটো পুৱা ৪ বাজি ৪৫ মিনিটত সংঘটিত হৈছে । আনহাতে, উক্ত সংঘৰ্ষত সুৰক্ষা বাহিনীৰ এজন জোৱান আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ।

ভাৰত-নেপাল সীমান্তত ৪ জন মাওবাদীক হত্যা সুৰক্ষা বাহিনীৰ

সুৰক্ষা বাহিনীৰ বিষয়াই জনোৱা অনুসৰি, জিলাখনৰ বাল্মিকী টাইগাৰ ৰিজাৰ্ভৰ আশে-পাশে মাওবাদী আত্মগোপন কৰি থকাৰ খবৰ পোৱা গৈছিল আৰু এক অভিযানৰ জৰিয়তে ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে ।

আই জি সঞ্জয় কুমাৰে জনোৱা অনুসৰি, মাওবাদী দলটোৰ প্ৰধান ৰাম বাবু সাহানী ওৰফে ৰাজনে লগে-লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল । কিন্তু বৰ্তমানে তেওঁক বিচাৰি তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে । আনহাতে, ঘটনাস্থলীৰ পৰা এটা ৫৬ ৰাইফল, তিনিটা এছ এল আৰ আৰু এটা ৩০৩ ৰাইফল জব্দ কৰিবলৈ সক্ষম হৈছে সুৰক্ষা বাহিনীয়ে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মাওবাদীয়ে জিলাখনৰ পৰা কিছু আঁতৰৰ মুংগাৰ জিলাৰ এখন গাঁৱত আক্ৰমণ কৰিছিল আৰু দুজনক হত্যা কৰিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ৰাজ্যৰ সীমাৰ নিৰ্ধাৰণ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.