নেশ্বনেল ডেক্স,19 ফেব্ৰুৱাৰীঃ অহা 24 ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৷ আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুষ্ঠানলৈ গুজৰাটৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 30,000 লোকক নতুন বাছেৰে লৈ অনা হ’ব ৷ এই বাছসমূহত জিপিএছৰ ব্য়ৱস্থা থকাৰ উপৰি বাছ চালক আৰু কণ্ডাক্টৰ সকলোকে নতুন পোছাক প্ৰদান কৰা হ’ব ৷ গুজৰাটৰ ৰাজ্য পথ পৰিৱহন নিগমক অহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানলৈ ৰাজ্যখনৰ 30,000ত কৈও অধিক লোকক কঢ়িয়াই অনাৰ বাবে 2,200 খন উন্নত মানদণ্ডৰ বাছ যোগান ধৰাৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷ এই বাছসমূহৰ ভিতৰত ৰাজকোটৰ পৰা মুঠ 400 খন যোগান ধৰা হৈছে ৷ বাছসমূহত জিপিএছ ব্যৱস্থা সংলগ্ন হৈ আছে যাক এটি নিয়ন্ত্ৰণ কক্ষৰ পৰা পৰ্যবেক্ষণ কৰা হ’ব ৷ ইয়াৰ উপৰিও বাছসমূহ উভতি নহা পৰ্যন্ত বাছ চালকসকলক বাছৰ ভিতৰতে বহি থকাৰ নিৰ্দেশ প্ৰদান কৰা হয় ৷
ৰাজ্যৰ পৰিবহণ বিভাগৰ সমস্ত বিষয়ববীয়াই সদৰ কাৰ্যালয়ৰ পৰা কেৱল নতুন চিৰিজৰ বাছসমূহকহে বাছনি কৰে ৷ ইয়াৰ উপৰিও বাছ চালকসকক দক্ষতা, সাধাৰণ জনগণৰ সৈতে কৰা ব্যৱহাৰ আৰু পূৰ্বৰ কোনো দূৰ্ঘটনাৰ অভিযোগ নথকাৰ ভিত্তিতহে নিৰ্বাচিত কৰা হৈছে ৷ তেঁওলোকক ইউনিফৰ্মৰ লগতে একোখনকৈ পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব ৷ এই বাছসমূহৰ ক্ষেত্ৰত পৰিবহণ বিভাগে 20 শতাংশ ৰেহাই ঘোষণা কৰিছে ৷ এই 2,200 খন বাছ কেৱল ট্ৰাম্পৰ ভ্ৰমণৰ বাবেহে যোগান ধৰা হৈছে ৷ ইয়াৰ বাবে কিছুসংখ্যক স্থানীয় বাছৰ পথ সলনি কৰা হ’ব ৷ ৰাজকোট ডিভিজনৰ পৰা স্থানীয় পথত চলাচল কৰা 150 খন বাছ বাতিল কৰা হ’ব ৷ ইয়াৰ বিপৰীতে 50 খন বাছৰ চলাচল অব্যাহত থাকিব ৷
লগতে পঢ়ক-ভাৰত ভ্ৰমণৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ আছুতীয়া সাক্ষাৎকাৰ !