ETV Bharat / bharat

ডেৰাডুনত অট্টালিকা খহি তিনিজনৰ মৃত্যু, আহত ২

author img

By

Published : Jul 15, 2020, 1:25 PM IST

বুধবাৰে উত্তৰাখণ্ডৰ ডেৰাডুনত সংঘটিকত হয় শোকাৱহ দুৰ্ঘটনা । ডেৰাডুনৰ চক্কুওয়ালাত অট্টালিকা খহি পৰি ৩ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ উপৰিও গুৰুতৰভাৱে আহত হয় দুজন ব্যক্তি ।

উত্তৰাখণ্ড
উত্তৰাখণ্ড

নিউজ ডেস্ক, ১৫ জুলাইঃ উত্তৰাখণ্ডৰ ডেৰাডুনত শোকাৱহ দুৰ্ঘটনা । বুধবাৰে ডেৰাডুনৰ চক্কুওয়ালা অঞ্চলত এটি অট্টালিকা খহি পৰি মৃত্যু হয় ৩ গৰাকী ব্যক্তিৰ । লগতে গুৰুতৰভাৱে আহত হয় আন দুজন ব্যক্তি । তাৰোপৰি দুৰ্ঘটনাগ্ৰস্থ অট্টালিকাটোৰ তলৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰে পাঁচজন লোকক । ইয়াৰোপৰি দুৰ্ঘটনা সংঘটিত হোৱা অট্টালিকাটোৰ তলত আন কেইবাগৰাকীও ব্যক্তি আৱদ্ধ হৈ থকাৰ আশংকা কৰিছে স্থানীয় বাসিন্দাই ।

আনহাতে, ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হয় এনডিআৰএফ বাহিনী । এনডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা ব্যৱস্থা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.