ETV Bharat / bharat

ত্ৰিপুৰাৰ চেপাহিজালাত তিনিটা ব্লকক কন্টেইমেন্ট জ'ন ঘোষণা

author img

By

Published : Jun 15, 2020, 6:42 PM IST

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ত্ৰিপুৰা চৰকাৰে চেপাহিজালাত তিনিটা ব্লকক কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । এই জিলাখনত ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক 45 টা কেচ পোৱা গৈছে ।

ত্ৰিপুৰাৰ চেপাহিজালাত তিনিটা ব্লকক কন্টেইমেন্ট জ'ন ঘোষণা
ত্ৰিপুৰাৰ চেপাহিজালাত তিনিটা ব্লকক কন্টেইমেন্ট জ'ন ঘোষণা

নিউজ ডেস্ক, 15 জুনঃ ত্ৰিপুৰাৰ চেপাহিজালা জিলাত অধিক হাৰত বৃদ্ধি পাব লৈছে কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা । সেয়ে ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ তিনিটা ব্লকক কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ।

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে । ত্ৰিপুৰাৰ এই জিলাখনত ৰাজ্যখনৰ ভিতৰত 45 শতাংশ COVID-19 কেচ পোৱা গৈছে ।

জিলাখনৰ COVID-19ৰ দায়িত্বত থকা বিষয়া অভিৰাম দেৱৰামে এই কথা জনোৱাৰ লগতে কন্টেইনমেন্ট জ'ন ঘোষণাই ৰোগ সংক্ৰমণ ৰোধত সহায় কৰিব বুলি উল্লেখ কৰে ।

ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে সোমবাৰে কয় যে, ৰাজ্যখনত পূৰ্বে 29 টা স্থানক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছিল । কিন্তু বৰ্ধমান আক্ৰান্তৰ সংখ্যাৰ বাবে সমগ্ৰ তিনিটা ব্লকক কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হ'ল । 18 জুনলৈ এই নিৰ্দেষণা জাৰি থাকিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.