নিউজ ডেস্ক, 28 মে': জম্মু-কাশ্মীৰ প্ৰশাসনে অৱগত কৰে যে, 17 জুনলৈ সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোতে ইণ্টাৰনেটৰ গতি মেক বাইণ্ডিংৰ সৈতে 2G ত সীমাবদ্ধ হৈ থাকিব ।
মে'ৰ 19 তাৰিখৰ পৰা শ্ৰীনগৰত পুনৰ আৰম্ভ কৰা হৈছিল 2G ইণ্টাৰনেট সেৱা । শ্ৰীনগৰৰ নাৱ কাডালত সেনাৰ সৈতে হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিত ইন্টাৰনেট আৰু ফোন সেৱা কৰ্তন কৰা হৈছিল শ্ৰীনগৰত ।
এই সংঘৰ্ষত নিহত হৈছিল হিজাবুল মুদাহিদীনৰ সন্ত্ৰাসবাদী জুনেইড আশ্ৰাফ খান, টেহৰেক-ই-হুৰিয়াৰ মুৰব্বী মহম্মদ আশ্ৰফ খান আৰু আন কেইবাগৰাকীও সন্ত্ৰাসবাদী ।