ETV Bharat / bharat

বিদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত 276 ভাৰতীয় : বৈদেশিক মন্ত্ৰণালয়

author img

By

Published : Mar 18, 2020, 6:32 PM IST

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বাস কৰা প্ৰায় 276 জন ভাৰতীয় কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এই কথা প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰণালয়ে ৷

বৈদেশিক মন্ত্ৰণালয়
বিদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত 276 ভাৰতীয়

নেশ্যনেল ডেস্ক, 18 মাৰ্চ : বুধবাৰে লোকসভাত ভাৰত চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি, বিভিন্ন দেশত থকা প্ৰায় 276 জন ভাৰতীয় কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰে 255 জন ইৰান, 12 জন আৰৱ গণৰাজ্য আৰু 5 জন ইটালীত আক্ৰান্ত হোৱা বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে তথ্য প্ৰদান কৰিছে ৷

লোকসভাত উত্থাপন হোৱা এক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি. মুৰলীধৰণে কয়, "ইৰানত 255 জন, আৰৱ গণৰাজ্যত 12 জন, ইটালীত 5 জন আৰু হংকং, কুৱেইট, ৰাৱাণ্ডা আৰু শ্ৰীলংকাত কিছু ভাৰতীয় নাগৰিক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷"

উল্লেখ্য যে, সোমবাৰে ইৰানৰ পৰা চতুৰ্থ সংখ্যকবাৰৰ বাবে 53 জন ভাৰতীয়ক দেশলৈ উভতাই অনা হৈছে ৷ বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত ভয়াৱহভাৱে আক্ৰান্ত হোৱা দেশখনৰ পৰা 389 জন লোকক ভাৰতলৈ উভতাই অনা হৈছে ৷

কৰ'ণা ভাইৰাছত সৰ্বাধিক আক্ৰান্ত দেশসমূহৰ ভিতৰত অন্যতম হৈছে ইৰান ৷ বৰ্তমানলৈকে ইৰানত 700 লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 14,000 লোক আক্ৰান্ত হৈছে ৷

আৰু পঢ়ক : বিবাহ বিচ্ছেদৰ আবেদন দাখিল নিৰ্ভয়া কাণ্ডৰ দোষীৰ পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.