নিউজ ডেস্ক, 18 চেপ্তেম্বৰ : এনআৰচি চূড়ান্ত তালিকাত বাদ পৰা প্ৰায় 2 হাজাৰ তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ন্যায় বিচাৰি সৰ্বোচ্চ ন্যায়লয়ত আবেদন দাখিল ন্যায়াধীশ বিধান বৰুৱাৰ ৷ উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ আবেদন বিবেচনা কৰিব বুলি আশা প্ৰকাশ প্ৰথম তৃতীয় লিংগৰ ন্যায়াধীশগৰাকীৰ ৷ ন্যায়াধীশ বিধান বৰুৱাৰ মতামত, গৰিষ্ঠ সংখ্যক তৃতীয় লিংগৰ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে , তেওঁলোকৰ ওচৰত 1971 চনৰ আগৰ কোনো ধৰণৰ নথি-পত্ৰ নাই ৷ আপত্তিৰ আবেদনত লিংগ শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত নাছিল তৃতীয় লিংগ ৷ লগতে তেঁওৰ অভিযোগ, এনআৰচি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল তৃতীয় লিংগক ৷ এনআৰচিত বিকল্প লিংগ হিচাপে তৃতীয় লিংগ নাছিল, পুৰুষ বা মহিলা যিকোনো এটা লিংগ বাছি ল'বলৈ জোৰ দিয়া হৈছিল তৃতীয় লিংগৰ লোকক ৷
NRC: ''তৃতীয় লিংগৰ লোকক পুৰুষ অথবা মহিলা এটা লিংগ বাচি ল'বলৈ হেঁচা প্ৰদান কৰা হৈছিল'' - এন আৰ চি চূড়ান্ত তালিকাত বাদ পৰা 2 হাজাৰ তৃতীয় লিংগৰ লোক
ন্যায়াধীশ বিধান বৰুৱাৰ মতামত, গৰিষ্ঠ সংখ্যক তৃতীয় লিংগৰ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে , তেওঁলোকৰ ওচৰত 1971 চনৰ আগৰ কোনো ধৰণৰ নথি-পত্ৰ নাই ৷
নিউজ ডেস্ক, 18 চেপ্তেম্বৰ : এনআৰচি চূড়ান্ত তালিকাত বাদ পৰা প্ৰায় 2 হাজাৰ তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ন্যায় বিচাৰি সৰ্বোচ্চ ন্যায়লয়ত আবেদন দাখিল ন্যায়াধীশ বিধান বৰুৱাৰ ৷ উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ আবেদন বিবেচনা কৰিব বুলি আশা প্ৰকাশ প্ৰথম তৃতীয় লিংগৰ ন্যায়াধীশগৰাকীৰ ৷ ন্যায়াধীশ বিধান বৰুৱাৰ মতামত, গৰিষ্ঠ সংখ্যক তৃতীয় লিংগৰ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে , তেওঁলোকৰ ওচৰত 1971 চনৰ আগৰ কোনো ধৰণৰ নথি-পত্ৰ নাই ৷ আপত্তিৰ আবেদনত লিংগ শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত নাছিল তৃতীয় লিংগ ৷ লগতে তেঁওৰ অভিযোগ, এনআৰচি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল তৃতীয় লিংগক ৷ এনআৰচিত বিকল্প লিংগ হিচাপে তৃতীয় লিংগ নাছিল, পুৰুষ বা মহিলা যিকোনো এটা লিংগ বাছি ল'বলৈ জোৰ দিয়া হৈছিল তৃতীয় লিংগৰ লোকক ৷
তেওঁৰ অভিযোগ অনুসৰি "এন আৰ চি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা নাছিল তৃতীয় লিংগক ৷ এন আৰ চিত বিকল্প লিংগ হিচাপে তৃতীয় লিংগ নাছিল, পুৰুষ বা মহিলা যিকোনো এটা লিংগ বাছি ল'বলৈ জোৰ দিয়া হৈছিল তৃতীয় লিংগৰ লোকক৷"
উল্লেখ যোগ্য যে, তথ্য অনুসৰি এন আৰ চি চূড়ান্ত খচৰাত বাদ পৰা তিনিকোটিতকৈ অধিক লোকৰ প্ৰয়োজনীয় নথি-পত্ৰ আছিল যদিও নথি পত্ৰ থকাৰ পাচতো এনআৰচিত পুনৰীক্ষণৰ বাবে প্ৰায় 19 লাখতকৈ অধিক লোকে আবেদন নকৰিলে৷
লগতে উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ আবেদন বিবেচনা কৰিব বুলি আশা প্ৰকাশ তৃতীয় লিংগৰ ন্যায়াধীশ গৰাকীৰ৷