ETV Bharat / bharat

পাকিস্তান বাছ দুৰ্ঘটনাঃ নিহত ১৯ গৰাকী শিখ তীৰ্থযাত্ৰী

author img

By

Published : Jul 4, 2020, 8:04 AM IST

পাকিস্তানৰ পঞ্জাৱৰ শ্বেখুপুৰা জিলাত ৰে'লে মহতিয়াই নিয়ে এখন যাত্ৰীবাহী বাছ । যাৰ ফলত নিহত হয় ১৯ জনকৈ লোক । কৰাছীৰ পৰা লাহোৰ যোৱা পথত ফাৰুকাবৱাদৰ লেবল ক্ৰচিঙত সংঘটিত হয় এই দুৰ্ঘটনা ।

পাকিস্তান
পাকিস্তান

নিউজ ডেস্ক, ৪ জুলাইঃ শুকুৰবাৰে পাকিস্তানত সংঘটিত হয় শোকাৱহ বাছ দুৰ্ঘটনা । পাকিস্তানৰ পঞ্জাৱ প্ৰান্তত সংঘটিত এই বাছ দুৰ্ঘটনাত নিহত হয় ১৯ জনকৈ ব্যক্তিৰ । এখন যাত্ৰীবাহী বাছক মহতিয়াই নিয়ে এখন ৰে'লে । যাৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা । আনহাতে, দুৰ্ঘটনাত নিহত হোৱা সৰহ সংখ্যক ব্যক্তিয়ে পাকিস্তানৰ শিখ তীৰ্থযাত্ৰী আছিল বুলি জানিবলৈ দিয়ে ।

পাকিস্তান বাছ দুৰ্ঘটনাঃ নিহত ১৯ গৰাকী শিখ তীৰ্থযাত্ৰী

ঘটনা সন্দৰ্ভত Evacuee Trust Property Board (ETPB)ৰ মুখপাত্ৰ অমীৰ হাছমীয়ে কয় যে, দুৰ্ঘটনাগ্ৰস্ত বাছখনত কমেও ২৯ গৰাকী যাত্ৰী আছিল । লগতে কয় যে,কৰাছীৰ পৰা লাহোৰ যোৱা পথত শ্বাহ হুছেইন নামৰ এক্সপ্ৰেছখনে লাহোৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দুৰত্ব থকা ফাৰুকাবৱাদৰ লেবল ক্ৰচিঙত শিখ তীৰ্থযাত্ৰী থকা বাছত খনক খুন্দা মাৰে ।

আনহাতে,ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ উপৰিও বিভাগীয় অভিযন্তাক বৰ্খাস্ত কৰে বুলি জানিবলৈ দিয়ে ৰে'ল কৰ্তৃপক্ষই । তাৰোপৰি পাকিস্তানৰ ৰে'ল মন্ত্ৰী শ্বেখ ৰাছিদে যি সকল বিষয়ববীয়াৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে সেইসকল বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সদৰি কৰে । ঘটনা সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে শোক প্ৰকাশ কৰাৰ লগতে আঘাটপ্ৰাপ্ত সকলক উন্নত চিকিৎসা কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে চাওকঃ তেজপুৰত মুল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.