নেশ্বনেল ডেস্ক, 17 এপ্ৰিল : অৱশেষত অন্ত পৰিল জম্মু-কাশ্মীৰৰ ছ‘পিয়ান জিলাৰ ডাইৰো অঞ্চলত চলি থকা এনকাউন্টাৰ ৷ শুকুৰবাৰে নিশাৰ ভাগৰ পৰা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত উক্ত অঞ্চলটোত অব্যাহত আছিল সংঘৰ্ষ ৷ নিশাৰ ভাগত সেনাৰ বাহনলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ এটা দলে অতৰ্কিতে চলাইছিল আক্ৰমণ ৷ উক্ত অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দল লুকাই থকাৰ খবৰ লাভ কৰি তালাচী অভিযান চলাবলৈ গৈছিল নিৰাপত্তাৰক্ষীৰ দলটো ৷
নিৰাপত্তাৰক্ষীৰ অৱস্থিতিৰ উমান পাই সন্ত্ৰাসবাদীৰ দলটোৱে সেনালৈ উদ্দেশ্যি আৰম্ভ কৰিছিল ধাৰাষাৰ গুলীবৰ্ষণ ৷ যাৰ পাছতে নিৰাপত্তাৰক্ষীয়ে উক্ত অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাইছিল অভিযান ৷
দীৰ্ঘ সময় ধৰি চলা সংঘৰ্ষৰ অন্তত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় অঞ্চলটোত লুকাই থকা দুটা সন্ত্ৰাসবাদী ৷ ঘটনাস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে জব্দ কৰে নিহত হোৱা সন্ত্ৰাসবাদী দুটাই ব্যৱহাৰ কৰা 2 টা অস্ত্ৰ ৷ আৰক্ষী, সেনা আৰু অৰ্ধ সামৰিক বাহিনীয়ে যুটীয়া ভাৱে চলাইছিল অভিযান ৷
লগতে পঢ়ক : হোম অ'টমেচিন চিষ্টেমেৰে দূৰৈৰ পৰাই চাওক আপোনাৰ ঘৰখন