ETV Bharat / bharat

মহাৰাষ্ট্ৰত দুজন এছআৰপিএফ জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু - জালনা

মহাৰাষ্ট্ৰ আৰক্ষীৰ দুজন এছআৰপিএফ জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু । উচ্চ বিষয়াক কোনো তথ্য প্ৰদান নকৰাকৈয়ে গৃহভূমিলৈ আগমন । COVID-১৯ পৰীক্ষণত পোৱা গ'ল পজিটিভ ।

2 SRPF jawans booked for returning home without informing

author img

By

Published : May 8, 2020, 8:36 AM IST

মহাৰাষ্ট্ৰ, ৮ মে': বৃহস্পতিবাৰে দুজন ষ্টেট ৰিজাৰ্ভ পুলিছ ফৰ্চ চমুকৈ এছআৰপিএফ জোৱানৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয় । কৰ্মৰত অৱস্থাত নাছিকৰ মালেগাঁৱৰ কেম্পৰ পৰা উচ্চস্তৰীয় বিষয়াক কোনো তথ্য প্ৰদান নকৰাকৈয়ে গৃহভূমি জালনালৈ উভতি অহাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছে দুই জোৱানৰ বিৰুদ্ধে ।

মালেগাঁৱৰ কেম্পৰ পৰা উচ্চস্তৰীয় বিষয়াক কোনো তথ্য প্ৰদান নকৰাকৈয়ে গৃহভূমি জালনালৈ উভতি আহিছিল দুই জোৱান । ইয়াৰ পাচতেই জোৱান দুজনৰ COVID-১৯ ৰ পৰীক্ষা কৰা হয় আৰু তেওঁলোকৰ দেহত COVID-১৯ ৰ অৱস্থিতি ধৰা পৰে । জানিব পৰা মতে, জোৱান দুজনে কৰ্মৰত মালেগাঁও COVID-১৯ হটস্পট হিচাপে চিনাক্ত কৰা হৈছিল । জেষ্ঠ আৰক্ষী সঞ্জয় দেশমুখৰ মতে, জোৱান দুজনক মালেগাঁৱত আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ মোতায়ন কৰা হৈছিল ।

জোৱান দুজনে উচ্চ বিষয়াক কোনো তথ্য প্ৰদান নকৰাকৈয়ে যোৱা ২৯ এপ্ৰিলত জালনালৈ উভতি অহা বুলি জানিব পৰা গৈছে । এছআৰপিএফৰ পৰিদৰ্শক ভিলাছ জগটপে দুয়ো গৰাকীৰ বিৰুদ্ধে এক অভিযোগ ৰুজু কৰিছে আৰু এই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে অপৰাধৰ এটা গোচৰো পঞ্জীয়ন কৰিছে । ২ মে'ত জোৱান দুজনক COVID-১৯ ৰ পৰীক্ষা কৰা হৈছিল । ইয়াৰ পাচতেই তেওঁলোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । বৰ্তমান জালনাৰ হাস্পতালত চিকিৎসাধীন দুয়ো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.