নেশ্যনেল ডেস্ক, 4 জুন : উত্তৰ প্ৰদেশৰ বান্দাত দুটা পৃথক ঘটনাত দুই শ্ৰমিকে আত্মহত্যা কৰাৰ তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ থকা লালমান নিশাদে (40) জাঞ্জিপুৰৱা গাঁৱত চিপজৰী লৈ আত্মহত্যা কৰে ৷ আনহাতে, ছিকৰি গাঁৱতো 65 বৰ্ষীয় দয়াৰাম নামৰ এজন লোকে চিপজৰী লৈ আত্মহত্যা কৰে ৷
নিশাদৰ পুত্ৰ ৰামচন্দ্ৰই দাবী কৰিছে যে, তেওঁৰ পিতৃয়ে চিকিৎসাৰ বাবে টকাৰ অভাৱৰ বাবে আত্মহত্যা কৰিছে ৷ এই সম্পৰ্কত গাঁৱৰ মুৰব্বী জনেই কয় যে, মৃত লোকজনৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় আছিল আৰু ৰোগত আক্ৰান্ত হোৱা বাবে তেওঁ চিন্তিত হৈ পৰিছিল ৷
আনহাতে, নিকটৱৰ্তী আৰক্ষী থানাৰ শীৰ্ষ আৰক্ষী বিষয়াই জনাই যে, তদন্তৰ পৰা এই তথ্য লাভ কৰা হৈছে যে, আত্মহত্যা কৰাৰ কাৰণ অৰ্থনৈতিক সংকট নহয় ৷ এই সম্পৰ্কত আৰু তদন্ত অব্যাহত ৰখা হৈছে বুলি মন্তব্য কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷