ETV Bharat / bharat

ৰাজস্থানৰ ভিৱাৰীত ধৰ্ষণৰ ঘটনাৰে জড়িতৰ সন্দেহত ২জনক আটক

author img

By

Published : Oct 14, 2020, 7:00 PM IST

ৰাজস্থানৰ ভিৱাৰী আৰক্ষীৰ জালত ধৰ্ষণৰ ঘটনাৰে জড়িত ২ অভিযুক্ত। প্ৰথমে বন্ধুত্বৰ নাটক। তাৰ পিছত অকলশৰীয়া মহিলাৰ ওপৰত যৌন নিৰ্যাতন।

ৰাজস্থানৰ ভিৱাৰীত ধৰ্ষণৰ ঘটনাৰে জড়িতৰ সন্দেহত ২জনক আটক
ৰাজস্থানৰ ভিৱাৰীত ধৰ্ষণৰ ঘটনাৰে জড়িতৰ সন্দেহত ২জনক আটক

নেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ: এগৰাকী মহিলাৰ সৈতে জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ সন্দেহত ৰাজস্থানৰ ভিৱাৰী আৰক্ষীয়ে আটক কৰিছে ২ অভিযুক্তক। ভিৱাৰীৰ আৰক্ষী অধীক্ষক ৰাম মূৰ্তি যোশীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য মতে, বুধবাৰে পুৱা নিৰ্যাতিতা মহিলাগৰাকীয়ে দুজন লোকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। এজন বন্ধুৰ সৈতে দুদিন পূৰ্বে মহিলাগৰাকী ভিৱাৰীলৈ আহিছিল। ইয়াৰ পূৰ্বে হাৰিয়ানাৰ মানেচৰত লগ পাইছিল এই বন্ধুজনক।

মঙলবাৰে দিনৰ ভাগত ভিৱাৰীত বিভিন্ন ঠাইত দুয়ো ফুৰিছিল। পিছে, বন্ধুত্বই কাল হ'ল। মঙলবাৰে নিশা বন্ধুৰূপী নৰপিশাচে বলপূৰ্বকভাৱে মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্বন্ধ স্থাপন কৰে। মহিলাগৰাকীৰ বন্ধুৱে কাম কৰা দোকানৰ স্বত্বাধিকাৰীয়ে এই সময়ত দুয়োকে প্ৰত্যক্ষ কৰে আৰু স্বত্বাধিকাৰীজনেও মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা চলায়। তহলদাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিওকে আৰক্ষী থানালৈ লৈ আহে আৰু মহিলাগৰাকীয়ে দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে। ভিৱাৰীৰ আৰক্ষী অধীক্ষক ৰাম মূৰ্তি যোশীয়ে এই কথা প্ৰকাশ কৰিছে।

লগতে পঢ়ক:বিহাৰ নিৰ্বাচন: হাছানপুৰত মনোনয়ন দাখিল তেজ প্ৰতাপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.