ETV Bharat / bharat

তামিলনাডুত কৰ‘ণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ব্যক্তিৰ মৃত্যু - তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী চি বিজয় ভাষ্কৰে

বুধবাৰে পুৱতি নিশা তামিলনাডুৰ মাদুৰাইস্থিত ৰাজাজি চিকিৎসালয়ত এগৰাকী 58 বছৰীয়া কৰ‘ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ এই কথা টুইটাৰযোগে সদৰি কৰে তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী চি বিজয় ভাষ্কৰে ৷

তামিলনাডুত কৰ‘ণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ব্যক্তিৰ মৃত্যু

author img

By

Published : Mar 25, 2020, 10:24 AM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অব্যাহত আছে কৰ‘ণা ভাইৰাছৰ ত্ৰাস ৷ ভাৰতত বৰ্তমানলৈকে এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যাই পাঁচশৰ ঘৰ অতিক্ৰম কৰিছে ৷ অন্যহাতে এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈকে ভাৰতত 11 জনকৈ লোকৰ মৃত্যু হৈছে ৷ দেশৰ অন্যান্য ৰাজ্যৰ সমান্তৰালকৈ তামিলনাডুতো অব্যাহত আছে কৰ‘ণা ভাইৰাছৰ ত্ৰাস ৷ বুধবাৰে পুৱতি নিশা তামিলনাডুৰ মাদুৰাইস্থিত ৰাজাজি চিকিৎসালয়ত এগৰাকী 58 বছৰীয়া কৰ‘ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ এই কথা টুইটাৰযোগে সদৰি কৰে তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী চি বিজয় ভাষ্কৰে ৷ লোকজন পূৰ্বৰে পৰা অন্য ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে ৷

1st death in Tamilnadu Due to corona virus etv bharat news
স্বাস্থ্যমন্ত্ৰী চি বিজয় ভাষ্কৰৰ টুইট

উল্লেখযোগ্য যে,তামিলনাডুত বৰ্তমানলৈকে 18 জন লোকৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰে 1 জন আক্ৰান্ত ব্যক্তি ৰোগমুক্ত হৈছে,ইয়াৰে এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বাকী কেইজন আক্ৰান্ত ব্যক্তি বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে ৷

লগতে চাওকঃ বৰ্তমানেও শিলিগুৰিত আৱদ্ধ অসমৰ 30 জনতকৈয়ো অধিক শ্ৰমিক : ইটিভি সাংবাদিকৰ সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.