নিউজ ডেস্ক , 01 মে': তেলেংগানাত এজন 19 বছৰীয়া যুৱকে পিতৃৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলৰে গুলীয়াই আত্মহত্যা কৰে ৷ যুটীয়া প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাত সফল নোহোৱাৰ বাবে যুৱকজনে আত্মহত্যাৰ পথ বাচি লয় ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক ভাৰতীয় দণ্ডবিধি আইনৰ 17নং ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷